আয়কৰ সৰ্বাধিক সীমাৰ ব্যৱহাৰৰ পাছতো অতিৰিক্ত কৰ ৰেহাইৰ সুবিধা

INCOME TAX 660

চলিত বিত্তীয় বৰ্ষটো শেষ হ’বলৈ মাজত এমাহতকৈ আৰু মাত্র কেইটামান দিনহে বাকী আছে। অর্থাৎ আয়কৰ পৰিশােধ কৰাৰ বাবে আৰু বেছি দিন হাতত নাই কৰদাতাসকলৰ বাবে।

প্রতিবাৰে কৰাৰ দৰে এইবাৰাে হয়তাে কৰদাতাসকলে আয়কৰ ৰেহাই পােৱাৰ সকলাে সম্ভাৱনা পৰীক্ষা কৰাত ব্যস্ত আছে এই সময়ত। কৰদাতাসকলৰ সুবিধা হােৱাকৈ আজিৰ এই প্রতিবেদনত এনে এক উপায় সম্পর্কে জনাবলৈ লােৱা হৈছে যাৰ দ্বাৰা আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত সর্বাধিক ১.৫ লাখ টকাৰ সীমা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ পাছতাে কৰ ৰেহাইৰ লাভালাভ উপলব্ধ হ’ব।

বহুতে হয়তাে নাজানে, আয়কৰ আইনৰ ধাৰা ৮০ডিৰ আওতাত স্বাস্থ্য বীমা আঁচনিৰ দ্বাৰা পৰিশােধ কৰা প্রিমিয়ামৰ ওপৰতাে অতিৰিক্ত কৰ কৰ্তনৰ সুবিধা প্রাপ্ত কৰিব পৰা যায়।

এই আইনৰ অধীনত, কৰদাতাই নিজৰ আৰু তেওঁৰ পিতৃ-মাতৃৰ স্বাস্থ্য বীমা আঁচনিৰ প্রিমিয়ামৰ বিপৰীতে এক লাখ টকালৈকে কৰ ৰেহাইৰ সুবিধা দাবী কৰিব পাৰে।

এই সন্দৰ্ভত বীমা আৰু বিনিয়ােগ উপদেষ্টা মনােজ চুইটি জৈনে কয়, “আয়কৰ দাতাই ধাৰা ৮০চি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ পাছতাে এক লাখ টকালৈকে কৰ ৰাহি কৰিব পাৰে।

এই ক্ষেত্ৰত ধাৰা ৮০ডি-ৰ অধীনত, ৬০ বছৰৰ তলৰ ব্যক্তি এজনে স্বাস্থ্য বীমাৰ প্রিমিয়ামৰ বিপৰীতে ২৫হেজাৰ টকালৈকে ৰেহাই লাভ কৰে। আনহাতে,৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লােকসকলৰ বাবে এই সীমা ৫০ হেজাৰ টকালৈকে।’

বীমা বজাৰৰ বিশেষজ্ঞসকলে কয় যে যদি কৰদাতাৰ বয়স ৬০ বছৰৰ তলত থাকে আৰু তেওঁ নিজৰ লগতে তেওঁৰ পিতৃ-মাতৃৰ বাবেও স্বাস্থ্য বীমা আঁচনি ক্রয় কৰে, তেনেহ’লে কৰদাতাই প্রিমিয়ামৰ ওপৰত ৭৫হেজাৰ টকালৈকে কৰ ৰাহি কৰিব পাৰে। আৰু যদি কৰদাতাৰ বয়স ৬০ বছৰৰ অধিক হয়, তেন্তে তেওঁ নিজৰ আৰু তেওঁৰ পিতৃ-মাতৃৰ বাবে স্বাস্থ্য বীমা প্রিমিয়ামত এক লাখ টকালৈকে কৰ ৰেহাই পাব পাৰে।

অৱশ্যে, কেৱল কৰ ৰেহাইৰ বাবে বীমা ক্রয় কৰাটো সঠিক নহয়। আয়কৰ আইনৰ ধাৰা ৮০ডিৰ অধীনত, কৰ ৰেহাই স্বতন্ত্র পলিচী বা মেডিক্লেইম, পাৰিবাৰিক ফ্লোটাৰ আঁচনি, জটিল ৰােগৰ বীমা, জীৱন বীমাৰ স্বাস্থ্য ৰাইডাৰ আৰু স্বাস্থ্য বীমাৰ অন্যান্য ক্ষেত্ৰতাে ৰেহাই পাব পাৰি।

অৱশ্যে, বিশেষজ্ঞসকলৰ মতে, সকলােৱে নিজৰ আৰু তেওঁলােকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবেহে স্বাস্থ্য বীমা ক্রয় কৰা উচিত। কেৱল আয়কৰ ৰেহাই পাবলৈ ক্রয় কৰাটো সঠিক নহয়।

স্বাস্থ্য ৰক্ষাৰ বাবে প্রয়ােজনীয় সকলাে সামগ্রী বা সেৱাৰ ব্যয় নিৰন্তৰ বৃদ্ধি হৈ আছে। চিকিৎসালয়, নাৰ্ছিংহােমবােৰাে এতিয়া আগৰ তুলনাত বহুত ব্যয়বহুল। এনে পৰিস্থিতিত, পৰিয়ালৰ সকলােৰে বাবে স্বাস্থ্য বীমা ক্রয় কৰাটো খুব জৰুৰী।

ইয়াৰ ফলত,যদি পৰিয়ালৰ কোনােবা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে, তেন্তে কষ্টোপার্জিত জমা ধনত হাত দিবলগীয়া নহয়। আনকি ঋণ লােৱাৰাে প্রয়ােজন নহয়।

গতিকে কৰ ৰাহি কৰাৰ লগতে পৰিয়ালৰ সুৰক্ষাৰ বাবেও পর্যাপ্ত স্বাস্থ্য আৱৰণৰ প্রয়ােজন।

Exit mobile version