উত্তেজিত দক্ষিণ ভোমোৰাগুৰি

গতিৰোধক নিদিয়াৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি চামগুৰিৰ আমবাগান দক্ষিণ ভোমোৰাগুৰিত ব্যাপক উত্তেজনা ।

পুৱা ৯:৩০ বজাত আমবাগান দক্ষিণ ভোমোৰাগুৰি তিনিআলিত সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী ।

টায়াৰ জ্বলাই পথ অৱৰোধ স্থানীয় ৰাইজৰ ।

AS 02 0885 নম্বৰৰ   মটৰ চাইকেলখনক পিছফালৰ পৰা AS 12B 7144 নম্বৰৰ চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।

প্ৰশাসনে গতিৰোধক নিদিয়াৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ।

ইয়াৰ পূৰ্বেও একে স্থানত কে’বাটাও দুৰ্ঘটনা সংঘটিত হৈছিল ।

প্ৰশাসনে গতিৰোধক স্থাপন কৰাৰ আশ্বাস দিছিল ।

ঘটনাস্থলীত আমবাগাম আৰক্ষী উপস্থিত ।

প্ৰশাসনৰ লোক উপস্থিত নোহোৱা লৈকে মৃতদেহ নিদিয়াৰ হুংকাৰ উত্তেজিত প্ৰতিবাদকাৰীৰ ।

Exit mobile version