প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ‘বেটী বচাও বেটী পঢ়াও’প্ৰচাৰ অভিযানৰ অংশ হিচাপে মুকলি কৰা সুকন্যা সমৃদ্ধি যােজনা নামৰ আঁচনিখন দেশৰ ভিতৰতে অন্যতম জনপ্রিয় ক্ষুদ্র সঞ্চয় আঁচনি বুলি জনা যায় আজিকালি।
কন্যা সন্তানৰ বিত্তীয় ভৱিষ্যৎ গঢ়াৰ বাবে ইয়াতকৈ শ্রেষ্ঠ লাভজনক আৰু চকু মুদি ভৰসা কৰিব পৰা আঁচনি হয়তাে দ্বিতীয় নােলাব। কন্যাশিশুৰ নিৰাপদ আৰু সুৰক্ষিত ভৱিষ্যৎ সুনিশ্চিত কৰাৰ উদ্দেশ্যে অধিকাংশ অভিভাৱকে আজিকালি সুকন্যা সমৃদ্ধি যােজনাৰ ওপৰতে নিৰ্ভৰ কৰে।
অন্যান্য ক্ষুদ্র সঞ্চয় আঁচনি যেনে- ডাকঘৰৰ জমা আঁচনি আদিৰ তুলনাত এই আঁচনিত বহু বেছি পৰিমাণে ৰিটাৰ্ণ পাব পাৰি । তাৰ উপৰি আয়কৰ আইনৰ ৮০চি ধাৰাৰ অধীনত এই আঁচনিত বিনিয়ােগ কৰিলে সুত আৰু লাভসহ সমস্ত ধনৰাশিত সম্পূর্ণ কৰ ৰেহাইৰ সুবিধাও থাকে।
আজিৰ প্রতিবেদনত সুকন্যা সমৃদ্ধিৰ বিষয়ে কিছু কথা সামৰি লােৱা হৈছে—১০ বছৰৰ তলৰ যিকোনাে কন্যা শিশুৰ অভিভাৱকে সুকন্যা সমৃদ্ধি একাউন্ট (এছএছএ) খুলিব পাৰে। এটা পৰিয়ালৰ সর্বাধিক দুগৰাকী কন্যা শিশুৰ বাবে এছএছএ খুলিব পাৰি। অৱশ্যে যমজ সন্তানৰ ক্ষেত্ৰত দুটাতকৈ অধিক একাউন্টো খুলিব পৰা যায়।
সুকন্যা সমৃদ্ধি আঁচনিৰ সুতৰ হাৰ নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। প্রতি ত্রিমাসিকৰ মূৰে মূৰে এই সুতৰ হাৰ পৰিৱর্তন কৰাৰ নিয়ম। কোনাে এটা বিত্তীয় বৰ্ষত এই আঁচনিত ন্যূনতম বিনিয়ােগৰ পৰিমাণ হৈছে ২৫০ টকা আৰু সর্বোচ্চ বিনিয়ােগৰ পৰিমাণ হৈছে ১.৫ লক্ষ টকা।
যদি অভিভাৱকে কোনাে এটা বিত্তীয় বৰ্ষৰ ভিতৰত ন্যূনতম ধন বিনিয়ােগ নকৰে তেন্তে সংশ্লিষ্ট একাউন্টক ডিফল্ট একাউন্ট হিচাপে গণ্য কৰে ডাক বিভাগে। এনে ডিফল্ট একাউন্ট সহজতে পুনৰুদ্ধাৰাে কৰিব পাৰি।
ইয়াৰ বাবে একাউন্ট খুলাৰ পাছৰে পৰা ১৫ বছৰ পূৰ্ণ হােৱাৰ আগমুহতলৈ যিকোনাে সময়ত পুনৰ ন্যূনতম ২৫০ টকাকৈ আৰু প্ৰতিটো ডিফল্ট বছৰৰ বাবদ অতিৰিক্ত ৫০ টকাকৈ জমা দিব লাগিব।
কন্যাৰ ১৮ বছৰ পূৰ হােৱাৰ পাছত অথবা দশম শ্রেণীৰ পৰীক্ষা উত্তীর্ণ হােৱাৰ পাছতহে সুকন্যা সমৃদ্ধি একাউন্টৰ ধন মােকলাব পাৰি। একাউন্ট খুলাৰ দিনাৰ পৰা ২১ বছৰ পর্যন্ত বা কন্যাৰ বিয়াৰ বয়সলৈ এই একাউন্ট ম্যাদ থাকে সচৰাচৰ।
কন্যা শিশুৰ বিত্তীয় ভৱিষ্যতৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সুকন্যা সমৃদ্ধি আঁচনিৰ লগতে পৰিস্থিতি সাপেক্ষে অন্যান্য বিনিয়ােগ পৰিকল্পনাৰ ওপৰতাে সমানেই নজৰ দিব লাগিব অভিভাৱকে।
বিশেষজ্ঞসকলৰ মতে, বর্তমানে যিহেতুকে এই আঁচনিৰ সুতৰ হাৰ আন প্ৰায়ভাগ সঞ্চয় আঁচনিৰ তুলনাত অধিক (৭.৬ শতাংশ), গতিকে সদ্যহতে আগন্তুক কেইটামান ত্রিমাসিকত ইয়াৰ সুতৰ হাৰ বঢ়াৰ কোনাে সম্ভাৱনা নাই। বিশেষজ্ঞসকলৰ মতে, এছএছএৰ সমান্তৰালভাৱে অন্য কোনাে দীর্ঘম্যাদী বিনিয়ােগৰ যথাযথ বিকল্প হ’ব পাৰে ইকুইটি বা সমাংশৰ বজাৰখন।
ইয়াৰ বাবে বিনিয়ােগকাৰীজনক প্রয়ােজন হব মিশ্র ৰণকৌশলৰ। ইকুইটিৰ স’তে খুব সহজতেই মিশ্রিত কৰিব পাৰি সুকন্যা সমৃদ্ধি একাউন্টক আৰু ই যথেষ্ট লাভজনকো। বিশেষজ্ঞ পৰামর্শ মতে, কোনাে এটা পৰিয়ালে যেতিয়া নিজৰ কন্যাশিশুৰ উচ্চ শিক্ষা বা বিয়াৰ বাবে ধন জমা কৰিবলৈ আৰম্ভ কৰে, বিনিয়ােগৰ বাবে ৰখা সমস্ত ধন সুকন্যা সমৃদ্ধি একাউন্টত একেবাৰতে বিনিয়ােগ কৰাতকৈ অলপ পৰিমাণে বিনিয়ােগ কৰাহে উচিত।
তাৰ পৰিৱর্তে পৰিয়ালটোৱে সৰহভাগ টকা বিনিয়ােগ কৰিব লাগে ইকইটিত। ম্যাদ পূৰণ হােৱাৰ সময় কাষ চাপিলে সুকন্যা সমৃদ্ধিত বিনিয়ােগৰ পৰিমাণ পুনৰ বঢ়াব লাগে আৰু ইকুইটিত কৰা বিনিয়ােগৰ পৰিমাণ লাহে লাহে কমাই আনিব লাগে।
এই ক্ষেত্ৰত এছএছএক নিজৰ বিনিয়ােগ পাের্টফলিঅ’ৰ এটা সৰু অংশ হিচাপে গণ্য কৰিবলৈহে দিহা দিয়ে বিশেষজ্ঞমহলে।