সুদীর্ঘকালৰ অন্তত যুটি বান্ধিব সঞ্জয়-ৰবিনাই

Raveena Tandon and Sanjay Ghuchadi guddchadi movie shooting Superhit pair 696x391 1

বহু বছৰৰ পাছত এখন ছবিত যুটি বান্ধিব একালৰ একাধিক জনপ্রিয় ছবিৰ নায়ক-নায়িকা সঞ্জয় দত্ত আৰু ৰবিনা টেণ্ডনে। বিনয় গান্ধীয়ে পৰিচালনা কৰিবলগীয়া ‘ঘূড়চুড়ি’ নামৰ ছবিখনত তাৰকাদ্বয়ে একেলগে অভিনয় কৰিব।

ৰােমান্টিক কমেডীখনৰ জৰিয়তেই বলিউদত প্ৰৱেশ কৰিব টেলিভিছনৰ হার্টথ্র’ব পার্থ ছামথানে। তেওঁৰ বিপৰীতে দেখা যাব গুলছন কুমাৰৰ কন্যা খুছালি কুমাৰক।

উল্লেখ্য যে সঞ্জয় আৰু ৰবিনা মানেই ৯০ দশকৰ নষ্টালজিয়া ‘আতিছ’, ‘ক্ষত্রিয়’, ‘বিজেতা’ৰ দৰে সফল ছবিত দুয়ােৰে যুটিক দর্শকে পছন্দ কৰিছিল। এইবাৰ দুয়ােকে দেখা যাব ‘ঘূড়চুড়ি’ত।

এই সপ্তাহৰ পৰাই ছবিৰ চিত্রগ্রহণ আৰম্ভ হ’ব। তাৰ পূর্বে মােচন প’ষ্টাৰ টুইটাৰত শ্বেয়াৰ কৰি সঞ্জয়ে লিখিছে,‘হাঁহি-ধেমালিৰ ছবি এখন আপােনালােকৰ দুৱাৰলৈ শীঘ্ৰে আনি আছাে।’ উল্লেখ্য যে সঞ্জয় আৰু ৰবিনাই ‘কে.জি.এফ :ছেপ্টাৰ ২’ ছবিতে অভিনয় কৰিছে।

অৱশ্যে সেইখন ছবিত সঞ্জয়ে আধিৰাৰ চৰিত্ৰত আৰু ৰবিনাই প্রধানমন্ত্ৰী ৰমিকা সেনৰ চৰিত্ৰত অভিনয় কৰিছে। অথচ ‘ঘূড়চুড়ি’ত দুয়াে পুনৰ পৰস্পৰৰ বিপৰীতে অভিনয় কৰিব। কর্কটমুক্ত হােৱাৰে পৰা সঞ্জয়ে পূর্ণোদ্যমে কাম আৰম্ভ কৰিছে।

তেওঁৰ আগন্তুক ছবিৰ তালিকাত ‘ঘূড়চুড়ি’ৰ উপৰি আছে ‘কে.জি.এফ : ছেপ্টাৰ ২’, ‘পৃথ্বীৰাজ’, ‘ছমছে’ আদি। আনহাতে, কিছুদিন পূর্বে নেটফ্লিক্সত মুক্তি পাইছে ৰবিনাৰ প্ৰথম ৱেব ছিৰিজ ‘আৰণ্যক ।

Exit mobile version