চিৰাঙত আমছুৰ প্ৰতিবাদ, জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিভিন্ন আসুৱাহৰ বিৰুদ্ধে চিৰাঙত আমছুৰ প্ৰতিবাদী সমদলৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী । আমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে চিৰাং জিলা আমছু, বিজনী জিলা আমছু আৰু বঙাইগাঁও জিলা আমছুৰ লগতে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰো উপস্থিত থাকে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰয়োজনীয় ঠাইত উৰনীয়া সেতু নিৰ্মান কৰা, ট্ৰেফিক ছিগনেল দিয়া, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নলা নিৰ্মাণ কৰা, দুৰ্ঘটনা প্ৰশমনৰ ব্যৱস্থা কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে । ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট বহুৱাই ধন সংগ্ৰহ কৰে যদিও প্ৰয়োজন অনুসৰি ৰাষ্ট্ৰীয় মেৰামতিৰ লগতে প্ৰয়োজনীয় সুবিধা প্ৰদান নকৰে । ২৬ তাৰিখে সংঘটিত ভয়াৱহ দুৰ্ঘটনাত নিহত আৰু আহতৰ পৰিয়ালক ক্ষতিপূৰণ দাবী কৰে আমছুৱে ।

এই যাৱতীয় দাবীৰ সমৰ্থনত আমছুয়ে মুখ্যমন্ত্ৰীৰ লগতে চিৰাং-বঙাইগাঁও জিলা উপায়ুক্তক স্মাৰক প্ৰদান কৰে ।

Exit mobile version