সুৰাপানত দেশৰ ভিতৰতে শীৰ্ষত চত্তিছগড়ত,উত্তৰ-পূবৰ দুই ৰাজ্যও তালিকাত

image

ক্রিছিল নামৰ সংস্থাটোৱে প্ৰকাশ কৰা এক প্রতিবেদনৰ তথ্য অনুসৰি ভাৰতৰ প্রায় ১৬ কোটি লােকে নিয়মীয়াকৈ সুৰাপান কৰি আহিছে।

ADVERTISEMENT

এইসকল সুৰাপায়ীৰ ৯৫ শতাংশই হৈছে পুৰুষ আৰু তেওঁলােকৰ বয়স হৈছে ১৮ৰ পৰা ৪৯ বছৰৰ ভিতৰত। ক্রিছিল এই প্রতিবেদনত উল্লেখ কৰা মতে, ২০২১ বৰ্ষত ভাৰতৰ পাঁচখন ৰাজ্যৰ বাসিন্দাই মুঠ ৪৫ শতাংশ সুৰা পান কৰিছিল।

দেশৰ ভিতৰতে সর্বাধিক সুৰা পান কৰা লােক চত্তিছগড়ত আছে। প্রায় ৩০ নিযুত জনসংখ্যাৰ ৰাজ্যখনৰ ৩৫.৬ শতাংশ লােকে নিয়মীয়াকৈ সুৰাপান কৰি আহিছে।

আনহাতে, সুৰাপানৰ তালিকাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত থকা ত্ৰিপুৰাত ৩৪.৭ শতাংশ লােকে সুৰাপান কৰে। এইসকল লােকৰ ১৩.৭ শতাংশ নিয়মিত সুৰাপান কৰি আহিছে।

তৃতীয় স্থানত থকা অধ্যপ্ৰদেশত ৩৪.৫ শতাংশ লােকে সুৰাপান কৰে। একেদৰে তালিকাত চতুর্থ স্থানত আছে পঞ্জাৱ।৩০ নিযুত জনসংখ্যাৰ পঞ্জাৱত ২৮.৫ শতাংশ লােকে সুৰাপান কৰি আহিছে।

এইসকল সুৰাপায়ীৰ ৩৫ শতাংশ হৈছে নিয়মীয়া সুৰাপায়ী। অৰুণাচল প্রদেশৰ ২৮ শতাংশ লােকে সুৰাপান কৰে আৰু তালিকাত ৰাজ্যখন পঞ্চম স্থানত আছে।

Exit mobile version