ৰেলৰ পৰা ওলিয়াই দিয়া হৈছে, লাঠিৰে আক্ৰমণ কৰা হৈছে : কিয়েভ ষ্টেচনৰ পৰা ছাত্ৰীৰ ভিডিঅ’ বার্তা

dla9onqg kyiv students

ইউক্রেনৰ কিয়েভত আবদ্ধ হৈ পৰা এগৰাকী ভাৰতীয় ছাত্রীয়ে আজি সংবাদ সংস্থাক এটা ভিডিঅ’ প্ৰেৰণ কৰি কয় যে ভাৰতীয় দূতাবাসৰ নির্দেশমৰ্মে তেওঁলোকে এটা ষ্টেচনলৈ গৈছিল কিন্তু তেওঁলোকক “ৰেলৰ পৰা ওলিয়াই দিয়া হয়” । বৰ্তমান কিয়েভৰ দুখন মেডিকেল কলেজৰ ৩৫০জন শিক্ষাৰ্থীয়ে ৰেল ষ্টেচনত পশ্চিম ইউক্ৰেইনৰ উজহৰোহড বা লভিভ যোৱা ৰেলৰ বাবে অপেক্ষা কৰি আছে । কিন্তু তেওঁলোকে কয় যে তেওঁলোকক যাবলৈ দিয়া হোৱা নাই । যিসকলে ৰেলত উঠিবলৈ সক্ষম হৈছিল তেওঁলোকক “লাঠিৰে আক্ৰমণ” কৰা হয় আৰু শাৰীৰিকভাৱে ওলিয়াই দিয়া হয় ।

তাৰাছ শেভচেংকো নেচনেল ইউনিভাৰ্চিটি আৰু ব’গ’ম’লেটিছ নেচনেল এম ইউনিভাৰ্ছিটিৰ শিক্ষাৰ্থীসকলে কয় যে দূতাবাসৰ তৰফৰ পৰা তেওঁলোকক উজহৰোহড বা লভিভত যাবলৈ কোৱা হৈছিল ।

ভিডিঅ’টোত তৃতীয় বৰ্ষৰ ছাত্ৰী ৰাধিকা লক্ষ্মিয়ে কয়, “দূতাবাসে আমাক কৈছিল যে আজি আমাক উদ্ধাৰ কৰা হৈছে আৰু আমি কিয়েভ ৰেলৱে ষ্টেচনত আহিলো । আমাক ৰেলৰ পৰা ওলিয়াই দিয়া হৈছে । আমি সোমাবলৈও দিয়া নাই । শিক্ষাৰ্থীসকলক লাঠিৰে আক্ৰমণ কৰা হৈছে । ইয়াত শতাধিক শিক্ষাৰ্থী আছে । আমি সকলোৱে অসহায় । অনুগ্ৰহ কৰি সোনকালে কিবা কৰক ।”

https://www.ndtv.com/video/news/news/indian-students-in-ukraine-thrown-out-of-train-beaten-with-sticks-indian-student-to-ndtv-from-kyiv-s-622407

দূতাবাসে যুদ্ধবিধ্বস্ত দেশখনত থকা ভাৰতীয় শিক্ষাৰ্থীসকলক পশ্চিম ইউক্ৰেইনৰ দিশে যাবলৈ কৈছে, “কিন্তু সীমান্ত চৌকিত নহয়… মন্ত্ৰণালয়ৰ দলবোৰৰ স’তে পৰামৰ্শ লৈ আৰু চহৰত আশ্ৰয় ল’বলৈ” ।

বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে আজি সন্ধিয়া এটা সংবাদ মেলত কয়, “কোনোৱে যাতে সীমান্তলৈ নাযায় । যদি যায়, তেওঁলোকে অতিক্ৰম কৰিবৰ বাবে দীৰ্ঘসময় অপেক্ষা কৰিব লাগিব । ইউক্ৰেইনৰ পশ্চিম অংশলৈ যাওক । অনুগ্ৰহ কৰি ওচৰৰ চহৰত আশ্ৰয় ল‌ওক । আমাৰ দলে আপোনাক সহায় কৰিব । ইয়াত যথেষ্ট বিমান আছে । আমাৰ দলৰ পৰামৰ্শ লৈহে সীমান্তলৈ যাব ।”

তেওঁ লগতে কয় যে আজি দুটা উপদেশ জাৰি কৰা হৈছে যাতে শিক্ষাৰ্থীসকলে পশ্চিমত ভ্ৰমণ কৰিবলৈ কিয়েভ ৰেলৱে ষ্টেচনলৈ যায় ।

মুখপাত্ৰ বাগচিয়ে কয়, ৰাছিয়াই পূৱ ইউৰোপীয় দেশখনত আক্ৰমণ কৰাৰ আগতে বৈদেশিক মন্ত্ৰণালয়ে প্ৰথম পৰামৰ্শ জাৰি কৰাৰ পাছৰ পৰা প্ৰায় আঠ হেজাৰ ভাৰতীয়‌ই ইউক্ৰেইন ত্যাগ কৰিছে ।

তেওঁ লগতে কয় যে, ‘অপাৰেছন গংগা’ৰ অধীনত এই পৰ্যন্ত ১,৩৯৬ জন শিক্ষাৰ্থীক ছয়টা উদ্ধাৰকাৰী বিমানত ভাৰতত অনা হৈছে ।

Exit mobile version