Russia-Ukraine War : ইউক্রেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক উভতাই অনাই প্রধান লক্ষ্য, বৈঠকত বার্তা মোদীৰ

PM at First Meeting of Central Asia Summit

ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ (Russia-Ukraine War) পৰিস্থিতি দিনক দিনে সংকটজনক হৈছে । তেনে সময়তে ইউক্রেইনত আবদ্ধ হৈ থকা হেজাৰ হেজাৰ ভাৰতীয়ক উভতাই আনিবলৈ চৰকাৰে অক্লান্ত পৰিশ্রম কৰিছে । যুদ্ধৰ মাজতে ইউক্রেইনত আবদ্ধ হৈ পৰে প্রায় ১৮ হেজাৰ ভাৰতীয় নাগৰিক (Indian Nationals) । তেওঁলোকক উভতাই আনিবলৈ বদ্ধপৰিকৰ দেশ ।

তেনে পৰিস্থিতিতে ইউক্রেইনত ‘যুদ্ধ’ সন্দৰ্ভত উচ্চপর্যায়ৰ বৈঠকত মিলিত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী (Prime Minister Narendra Modi) । দেওবাৰে তেওঁ উত্তৰ প্রদেশৰ পৰা নির্বাচনী প্রচাৰ কৰি দিল্লীলৈ আহে, ইয়াৰ পাছতেই তেওঁ বৈদেশিক মন্ত্রণালয়সহ একাধিক মন্ত্রণালয়ৰ শীর্ষ বিষয়াসকলৰ স’তে জৰুৰী বৈঠকত মিলিত হয় । কেন্দ্রীয় সূত্রে জানিব পৰা মতে, প্রায় দুঘণ্টা ধৰি সেই বৈঠক চলে । মূলত ভাৰতীয়সকলক উদ্ধাৰ কৰাক লৈয়েই আলোচনা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিছে যে ভাৰতীয় শিক্ষাৰ্থীসকলক সুৰক্ষা আৰু তেওঁলোকক দেশত ঘূৰাই অনাৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰা হ’ব । যাতে দ্রুত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশত উভতাই আনিব পৰা যায়, ইউক্রেইনৰ প্রতিবেশী দেশসমূহৰ স’তে আৰু সহযোগিতা বঢ়োৱাৰ বিষয়েও আলোচনা কৰা হৈছে । সূত্রৰ খবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত কয়, “শিক্ষার্থীসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু তেওঁলোকক উদ্ধাৰ কৰাতেই আমাৰ অগ্রাধিকাৰ” ।

প্রসংগত, ইউক্রেইনত, ৰাছিয়াৰ আক্ৰমণৰ পাছত বিপুল সংখ্যক ভাৰতীয়, অধিকাংশ ছাত্র, ইউক্রেইনত আবদ্ধ হৈ পৰিছে । ভাৰতে তেওঁলোকৰ উদ্ধাৰকাৰ্য আৰম্ভ কৰিছে আৰু শনিবাৰৰ পৰা নশ জনৰো অধিক লোকক উভতাই অনা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ স’তেও আলোচনা কৰিছে আৰু এই সমস্যা সমাধানৰ আলোচনাৰ আহ্বান জনাইছে ।

Exit mobile version