দিনটোৰ ৰাশিফল

horoscope 16331571774x3 1

মেষঃ নিজকে যঝগ্য ব্যক্তিৰূপে পৰিগণিত হ’ব । পুৰণি ৰোগৰ পৰা মুক্তি হ’ব । শিল্পকলা, ভাস্কৰ্য আদিত দক্ষতা বৃদ্ধি; শুভ ৰং কমলা, শুভ সংখ্যা ৩ ।

ADVERTISEMENT

বৃষঃ নিজ বৃদ্ধি মতে, কাম কৰি সফল হ’ব; কোনো কাৰণত ভাতিগ্ৰস্ত নহ’ব । বিলাসিতা কম কৰক, শত্ৰু কমিব, কৰ্মত শুভ । শুভ ৰং নীলা । শুভ সংখ্যা ৫ ।

মিথুনঃ মন্দিৰ দৰ্শনত শুভ ফল পাব, ব্যক্তিত্ব প্ৰকাশ পাব; পুৰণি কেচ মোকৰ্দমা মনত কষ্ট দিব, কমলা শুভ ৰং । শুভ সংখ্যা ৭ ।

কৰ্কটঃ কৰ্মক্ষেত্ৰ উৎসাহ বৃদ্ধি পাব, জ্ঞানি লোকৰ দৰ্শনে অধিক আনন্দ দিব; উদ্যোগ, ব্যৱসায়ৰ লগত জড়িত লোকৰ শুভ, শুভ ৰং বেঙুনীয়া । শুভ সংখ্যা ৪ ।

সিংহঃ কৰ্মত বলিষ্ঠ চিন্তা বৃদ্ধি; শান্তি, উদাৰ মনোবলে অধিক উৎসাহিত কৰিব । নতুন কৰ্মসংস্থানৰ যোগ । গেৰুৱা শুভ ৰং । শুভ সংখ্যা ২ ।

কন্যাঃ গুৰুৰ প্ৰভাৱত দাৰ্শনিক, পুৰুহিত, গৱেষকৰ উন্নতিৰ যোগ; মনত দুখ চিন্তা নামিব অযথা ক্ষতি হ’ব পাৰে; ব্যয় বৃদ্ধি । গুলপীয়া শুভ ৰং । শুভ সংখ্যা ১ ।

তুলাঃ যিকোনো কামতেই পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব । সোণৰ বস্তু ব্যৱহাৰ কৰিলে অধিক সুফল পাব । মেৰুণ শুভ ৰং, শুভ সংখ্যা ৬ ।

বৃশ্চিকঃ কৰ্মস্থানত মধ্যম, দূৰদৰ্শী চিন্তা ব্ৰতী হ’ব । কাকো সমালোচনা নকৰিব । অৰ্থিক দিশত অযথা ব্যয় নকৰিব । সেউজীয়া শুভ ৰং । শুভ সংখ্যা ৮ ।

ধনুঃ অৰ্থ লাভ যুগ, প্ৰভাৱ বিস্তাৰ কৰা সুযোগ পাব, ভ্ৰমণত বন্ধুৰ প্ৰভাৱে অধিক আনন্দিত কৰিব । হালধীয়া শুভ ৰং, শুভ সংখ্যা ৯ ।

মকৰঃ আদৰ্শবাদী স্নেহ পৰায়ণ হ’ব পাৰিব । ব্যৱসায় প্ৰচুৰ লাভদায়ক হ’ব পাৰিব । শুভ ৰং সোণালী । শুভ সংখ্যা ৪ ।

কুম্ভঃ সামাজিক স্থিতি উন্নত হ’ব, পুৰণি বিষে কষ্ট দিব পাৰে; হনুমান চালিচা পাঠ কৰক সংকটমুক্ত হ’ব । শুভ ৰং আকাশী । শুভ সংখ্যা ২ ।

মীনঃ হতাশা আঁতৰিব; যশস্বী গুণৰ অধিকাৰী হ’ব; কৰ্মত ব্যস্ততা বাঢ়িব । সময় অপচয় নকৰিব, বন্ধুবৰ্গৰ পৰা আঁতৰি থাকক । সোণালী শুভ ৰং । শুভ সংখ্যা ৩ ।

Exit mobile version