দুই মাৰ্চৰ ভিতৰতে ইউক্ৰেইন দখল কৰিব বিচাৰিছে ৰাষ্ট্ৰপতি পুটিনে

123444861 putindesk

দুয়োপক্ষৰ দাবী উত্থাপনৰ মাজেৰে সমাপ্ত হ’ল বহু প্ৰত্যাশিত ৰাছিয়া-ইউক্ৰেইনৰ প্ৰথমলানি শান্তি আলোচনা । ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেওবাৰে দেশৰ পাৰমাণৱিক শক্তি বাহিনীক সাজু হ’বলৈ ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত যুদ্ধবিধ্বস্ত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে আলোচনাৰ বাবে সন্মত হয় । বেলাৰুছৰ সীমান্তত কালি দুখন দেশৰ মাজত সম্পন্ন হোৱা এই আলোচনাকালীন ইউক্ৰেইনে তেওঁলোকৰ ভূখণ্ডৰ পৰা ৰুছ বাহিনী সম্পূৰ্ণ প্ৰত্যাহাৰৰ দাবী জনায় । চাৰ্ণ’বীলৰ এক্সক্লুছন জ’নৰ সমীপৰ অঞ্চলত সম্পন্ন হয় এই আলোচনা ।

ইপিনে, ক্ৰেমলিনে প্ৰকাশ কৰা মতে পুটিনে দিয়া চৰ্ত অনুসৰি ক্ৰিমিয়াত ৰাছিয়াৰ সাৰ্বভৌমত্বক পশ্চিমীয়া স্বীকৃতি হ’ব যুদ্ধবিৰতিৰ মূল বিষয় । পুটিনে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ক কয় যে ইউক্ৰেইনৰ সামৰিক শক্তি প্ৰত্যাহাৰ আৰু ক্ৰিমিয়াৰ ওপৰত ৰাছিয়াৰ সাৰ্বভৌমত্বক পশ্চিমীয়া স্বীকৃতিয়ে যুদ্ধ অন্ত পেলোৱাৰ মূল বিষয় ।

আনহাতে, পৰৱৰ্তী দ্বিতীয়লানি আলোচনা সম্পন্ন হ’ব পোলেণ্ড আৰু বেলাৰুছৰ সীমান্তত । ইপিনে, প্ৰথমলানি আলোচনাৰ অন্তত আৰু দ্বিতীয়লানি আলোচনাৰ পূৰ্বে দুই দেশৰ প্ৰতিনিধি দলে নিজ নিজ ৰাজধানীলৈ উভতিব । উল্লেখ্য যে পুটিনে পাৰমাণৱিক শক্তি বাহিনী সাজু হ’বলৈ নিৰ্দেশ দিয়াৰ পাছত বেলাৰুছৰ ৰুছপন্থী নেতা আলেকজেণ্ডাৰ লুকাছেনকোৰ জেলেন’স্কীৰ স’তে হোৱা বাৰ্তালাপৰ পাছত আলোচনাত বহিবলৈ সন্মত হয় ইউক্ৰেইন ।

ইপিনে, ৰুছ প্ৰাক্তন উপ-বিদেশ মন্ত্ৰী আন্দ্ৰে ফেডুৰফে কয় যে দুই মাৰ্চৰ ভিতৰত ইউক্ৰেইন দখল কৰিব বিচাৰিছে পুটিনে । এক সাক্ষাৎকাৰত তেওঁ জনোৱা মতে, যুদ্ধ আৰম্ভণিৰ প্ৰথমদিনাই পুটিনে নিৰ্দেশ দিছিল যে দুই মাৰ্চৰ ভিতৰত শেষ কৰিব লাগিব । তেওঁৰ মতে, ইউক্ৰেইনৰ ৰণ-কৌশলে মস্কোক অৱাক কৰিছে । যুদ্ধৰ আৰম্ভণিৰ পূৰ্বে ইউক্ৰেইনক সহজে বশ কৰিব পাৰিব বুলি ৰাছিয়াই ধাৰণা কৰিছিল বুলিও প্ৰতিপক্ষই প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিছে ।

Exit mobile version