ঐতিহাসিক বুঢ়ীগোসাঁনী থানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

সমাগত পৌৰসভা নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দেৰগাঁৱতো দেখা গৈছে ব্যাপক তৎপৰতা । দেৰগাঁৱত ভিৰ কৰিছেহি বিভিন্ন দলৰ দলীয় নেতৃত্বই আৰু প্ৰচাৰ চলাইছে নিজ দলৰ পৌৰসভাত প্ৰতিদ্বন্দ্বীতা কৰা প্ৰাৰ্থীসকলৰ হৈ ।

মঙলবাৰে দেৰগাঁৱত উপস্থিত হয়হি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । দেৰগাঁৱৰ ঐতিহাসিক বুঢ়ীগোসাঁনী থানত উপস্থিত হৈ সেৱা জনোৱাৰ লগতে থানখনতে অনুষ্ঠিত এখন দলীয় নিৰ্বাচনী সভাত অংশ লয় ।

এই সভাত দেৰগাঁৱৰ পৌৰসভা নিৰ্বাচনত মিত্ৰজোঁটৰ ১০টা ৱাৰ্ডতে প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ স’তে আলোচনাত মিলিত হয় ।

Exit mobile version