শক্তিআশ্ৰমৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী শিৱ মন্দিৰত বৰ্নাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰী পূজা আৰু মেলা

কোকৰাঝাৰ জিলাৰ অধীনস্থ শক্তিআশ্ৰমৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী শিৱ মন্দিৰত মহাশিৱৰাত্ৰী উপলক্ষে পূজা আৰু মেলা অনুষ্ঠিত কৰে । আজিৰে পৰা চাৰি দিনীয়া কৰ্যসূচীত ৮২ সংখ্যক পূজা আৰম্ভ হয় ।

ADVERTISEMENT

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি শিৱ পূজা সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰি কেএচিৰ ইএম কৰ্মেশ্বৰ ৰায়ে অনুষ্ঠানৰ উদ্বোধন কৰে । ইয়াৰ পাছত শিৱৰাত্ৰী উপলক্ষে শিৱপূজা অনুষ্ঠিত কৰিবলৈ কোচ ৰাজবংশী জনগোষ্ঠীয় সাজপাৰ পাটানি পৰিধান কৰা শতাধিক মহিলাই শোভা যাত্ৰাৰ মাধ্যমে লক্সা নদীৰ পৰা পানী আনে আৰু অইন বছৰৰ দৰে এইবেলিও পূজা আৰু মেলা আৰম্ভ কৰে ।

উক্ত অনুষ্ঠানত ৰাইজৰ সহায় সহযোগ কামনা কৰে সম্পাদক ৰামকৃষ্ণ ৰয়ে ।

Exit mobile version