৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ তাৰালাংচৰ বাকৰিত

পাঁচ সহস্ৰাধিক যুৱ শিল্পীৰ অংশগ্ৰহণেৰে তাৰালাংচত কাৰ্বি কৃষ্টি-সংস্কৃতিৰ প্ৰতিফলন

পাঁচ সহস্ৰাধিক যুৱ শিল্পীৰ অংশ গ্ৰহণেৰে আজি বৰ্ণময় হৈ পৰে তাৰালাংচৰ বাকৰি ৷ কাৰ্বি পৰাম্পৰাগত বেশ ভূষা, বাদ্য যন্ত্ৰৰ খমখমনিত মায়াময় হৈ পৰিছে চৌদিশ ৷ ইয়াৰ মাজতে আজি কাৰ্বি ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ দ্বিতীয় দিনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা কাৰ্বি যুৱ মহোৎসৱ থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ ৷

জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই কাৰ্বি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন থলীত উপস্থিত হয় ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰই ৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পাছত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ উদ্ধোধন কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে প্ৰমুখ্য কৰি সাংসদ হৰেণছিং বে’ লগতে পৰিষদৰ ইএম আৰু এমএচিসকলে ক্ৰমে ছহিদ তৰ্পন কৰাৰ লগতে কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে চন্দ্ৰছিং ক্ৰ’ই ৷

কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে কাৰ্বি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷ দুপৰীয়াৰ ভাগত কাৰ্বি সাংস্কৃতিক প্ৰকল্পত নিৰ্মিত গ্ৰীক আৰ্হিৰ মঞ্চসমূহ উদ্ধোধন কৰাৰ পাছতে বিভিন্ন পৰাম্পৰাগত প্ৰতিযোগিতাসমূহ আৰম্ভ হয় ৷ সন্ধিয়া ছয় বজাৰ পৰা বিভিন্ন নৃত্যৰ লগতে নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ আনহাতে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ পাঁচ দিনীয়া কাৰ্যসূচীলৈ চলিবলগীয়া ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱটো ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে পলমকৈ এক মাৰ্চৰ পৰা পাঁচ মাৰ্চলৈকে পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷

আজি দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি মঙলবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ । কাৰ্বি ৰজা ৰামছিং ৰংহাং, ডুমৰা ৰজা হলিছিং ৰংহাং, বৰেণ্য কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণছিং বে, কাৰ্বি আংলঙৰ বিধায়ক বিদ্যাচিং ইংলেঙ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহীসকলৰ লগতে আন আন বহু বিশিষ্ট ব্যক্তিৰ উপস্থিততিত আৰু পাঁচ সহস্ৰাধিক লোক শিল্পীৰ সমুখত মহোৎসৱটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মুখ্য অতিথি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

ইয়াৰ পূৰ্বে শিল্পী গ্ৰামৰ পৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে হেমফু মুক্ৰাং বাকৰিত উপস্থিত হয় শিল্পীসকল । নৱ ৰূপত প্ৰাণ পাই উঠিছে ডিফুৰ তাৰালাংছ’ৰ বাকৰি । কাৰ্বি কালচাৰেল ছচাইটিৰ উদ্যোগত প্ৰতি বছৰে ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰী লৈ এই তাৰালাংছ’তে অনুষ্ঠিত হৈ আহিছে কাৰ্বি যুৱ মহোৎসৱ । যদিও ক’ভিডৰ বাবে যোৱা বছৰ এই উৎসৱ অনুষ্ঠিত হোৱা নাছিল ৷ উত্তৰ-পূৱ ভাৰতৰ পুৰণি যুৱ মহোৎসৱে ইতিমধ্যে গৰকিছে ৪৮টা গৌৰৱোজ্জ্বল বৰ্ষ ।

আজিৰ কাৰ্যসূচীসমূহ তদাৰক কৰে কেচিএছৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে ৷ অৰুণাচল, মেঘালয়, কাছাৰ, গুৱাহাটী, বিশ্বনাথ চাৰিআলি আদি ভিন্ন স্থানৰ লগতে কাৰ্বি আংলঙৰ কাৰ্বি কালছাৰেল ছ’চাইটিৰ অতি কমেও ৩০ টা সাংস্কৃতিক মণ্ডলে অংশগ্ৰহণ কৰিছে । পাঁচ হেজাৰ লোক শিল্পীৰ সমাবেশেৰে মুখৰিত হৈ থাকিব কাৰ্বি যুৱ মহোৎসৱ । আনুষ্ঠানিক আৰম্ভণিৰ পাছতে মহোৎসৱটোৰ আটাকেইখন মঞ্চতে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ উপৰি ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱস্থলীত এক ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে উদ্যোক্তাসকলে হেলিকপ্টাৰেৰে উৎসৱ চোৱাৰ ব্যৱস্থা কৰিছে । ইচ্ছুক দৰ্শনাৰ্থীয়ে মাছুল পৰিশোধ কৰি হেলিকপ্টাৰত বহি ওপৰৰ পৰা যুৱ মহোৎসৱটো উপভোগ কৰাৰ ব্যৱস্থা কৰিছে ৷

সাংবাদিকৰ আগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি যুৱ মহোৎসৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰিছে ৷ যুৱ মহোৎসৱটো অনুষ্ঠিত কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে ৷

Exit mobile version