ছমাহৰ সৰ্বাধিক হ’ল নিবনুৱা ‌: জানুৱাৰীৰত দেশৰ নিবনুৱাৰ হাৰ ৮.১ শতাংশলৈ বৃদ্ধি

iStock 000016004829Large pr2

যোৱা ফেব্ৰুৱাৰীত ভাৰতৰ নিবনুৱাআৰ হাৰ ৮.১ শতাংশ বৃদ্ধিৰে ছমাহৰ সৰ্বোচ্চ হ’ল । উল্লেখ্য যে যোৱা জানুৱাৰীত দেশৰ নিবনুৱাৰ হাৰ ১০ মাহৰ সৰ্বনিম্ন ৬.৫৭ শতাংশলৈ হ্ৰাস পাইছিল ।

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চি এম আই ই)ৰ দ্বাৰা প্ৰকাশিত পৰিসংখ্যা অনুসৰি যোৱা মাহত ভাৰতত নিবনুৱাৰ হাৰ ৮.১ শতাংশ আছিল । ফেব্ৰুৱাৰীত দেশৰ গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ আঠ মাহৰ সৰ্বাধিক আছিল ।

চি এম আই ইৰ তথ্য অনুসৰি ফেব্ৰুৱাৰীৰ ২০২২ত দেশৰ গ্ৰামাঞ্চলত নিবনুৱাৰ সংখ্যা ২.৫১ শতাংশ বৃদ্ধিৰে ৮.৩৫ শতাংশ হৈছিল । ইয়াৰ বিপৰীতে দেশৰ চহৰ অঞ্চলত নিবনুৱাৰ হাৰ যোৱা মাহত চাৰি মাহৰ সৰ্বনিম্ন ৭.৫৫ শতাংশ আছিল ।

চি এম আই ইৰ তথ্য অনুসৰি মনৰেগা আঁচনিৰ বাজেট হ্ৰাসৰ ফলত ফেব্ৰুৱাৰীত দেশৰ গ্ৰামাঞ্চলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে ।

Exit mobile version