মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সুখবৰ

দুমাহত মানাহৰ পোহনীয়া হাতীয়ে জন্ম দিলে পাঁচটাকৈ পোৱালি

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সুখবৰ ৷ যোৱা দুটা মাহত মানাহত পোহনীয়া হাতীয়ে জন্ম দিলে পাঁচটাকৈ পোৱালি ৷ মানাহৰ বাঁহবাৰী ৰেঞ্জত তিনিটা আৰু ভূঞাপাৰা ৰেঞ্জত দুটা পোহনীয়া হাতীয়ে জন্ম দিয়ে পোৱালি ৷ ইয়াকে লৈ আনন্দিত হৈ পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে হাতীৰ মাউত আৰু বনকৰ্মীসকল ৷

সদ্যজন্মপ্ৰাপ্ত আটাইকেইটা পোৱালিয়ে মতা পোৱালি বুলি জানিবলৈ দিছে মানাহৰ বাঁহবাৰী বন সংমণ্ডলৰ বন বিষয়া বাবুল ব্ৰহ্মই ৷ ইয়াৰে ৰাশিফল গণনা কৰি মেনকা নামৰ হাতীটোৱে জন্ম দিয়া পোৱালিটোৰ নাম ৰখা হৈছে ৰঘু ৷

উল্লেখ্য যে মানাহৰ পোহনীয়া হাতীসমূহ বন সুৰক্ষাৰ বিভিন্ন কামত নিয়োগ কৰা হয় ৷ এই পোৱালিকেইটাকো ডাঙৰ হ’লে উপযুক্ত প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন কামত নিয়োজিত কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

বৰ্তমান মানাহত মুঠ পোহনীয়া হাতীৰ সংখ্যা ৫৪ টা বুলি জানিব দিছে বন বিভাগৰ লোকে ৷

Exit mobile version