BCCI : বিচিচিআই-ৰ নতুন জেনেৰেল মেনেজাৰ হ’ব প্রাক্তন ভাৰতীয় বলাৰ

945429 bcci

ব’র্ড প্রশাসনত সালসলনি । বিচিচিআই-ৰ নতুন জেনেৰেল মেনেজাৰ হ’ব ভাৰতৰ প্রাক্তন বলাৰ আবে কুৰুভিল্লা । বিগত বৰ্ষত ৰাষ্ট্ৰীয় নির্বাচকৰ দায়িত্ব দিছিল তেওঁক । সেই পদ ত্যাগ কৰিছে কুৰুভিল্লাই । এইবাৰ ধীৰজ মালহোত্রাৰ পৰিৱৰ্তে জেনেৰেল মেনেজাৰ হিচাপে তেওঁ পদাধিকাৰ লাভ কৰিব ।

কে’বা মাহ আগতে জেনেৰেল মেনেজাৰৰ পদ ত্যাগ কৰিছিল ধীৰজে । তেওঁ বর্তমান আইপিএল-ত দিল্লী কেপিটেলছৰ স’তে জড়িত । বিগত বৰ্ষত অজিত আগৰকৰক পৰাজিত কৰি পশ্চিমাঞ্চলৰ নির্বাচক হৈছিল কুৰুভিল্লা । কিন্তু ৰাষ্ট্ৰীয় স্তৰত নির্বাচক হিচাপে পাঁচ বছৰ পূর্ণ হোৱাত তেওঁ সেই পদ ত্যাগ কৰিব লগা হয় ।

ইয়াৰ পূৰ্বে জুনিয়ৰ ৰাষ্ট্ৰীয় নির্বাচক কমিটীৰ চেয়াৰমেন আছিল কুৰুভিল্লা । সেই পদত চাৰি বছৰ থকাৰ পাছত তেওঁ পশ্চিমাঞ্চলৰ নির্বাচক হয় । ভাৰতৰ হৈ ১০টা টেষ্ট খেলিছে কুৰুভিল্লাই । বুধবাৰে বিচিচিআই-ৰ এপেক্স কাউন্সিলৰ বৈঠকত জেনেৰেল মেনেজাৰ হিচাপে তেওঁৰ নাম অনুমোদন কৰা হৈছে ।

Exit mobile version