অপ্টিক নাৰ্ভৰ অসুখ

glaucoma cupping 1024x414 1

অপ্টিক এট্ৰ’ফি ৰোগ হোৱাৰ আঁৰত থাকে এক বিশেষ ধৰণৰ জিনগত বিশৃংখলা বা জিন ডিছঅৰ্ডাৰ । এনে সমস্যাৰ বাবে অপ্টিক স্নায়ুৰ ক্ষতি হয় । এনে ধৰণৰ ৰোগৰ পৰা সৃষ্টি হোৱা সমস্যা কোষৰ মাইটোকনড্ৰিয়াত সংঘটিত হৈ থাকে ।

এইখিনিতে উল্লেখ কৰা ভাল যে এটি ফাৰ্টিলাইজিড এমব্ৰোপ বা তাৰ প্ৰয়োজনীয় মাইটোকনড্ৰিয়া সংগ্ৰহ কৰে ডিম্বণুৰ পৰা, শুক্ৰাণুৰ পৰা নহয় । সেয়েহে এগৰাকী এই ৰোগত আক্ৰান্তত মহিলাৰ পৰা শিশুটিলৈকে সহজতে আহিব পাৰে বংশগত বিশৃংখলা ।

মাতৃৰ শৰীৰৰ পৰা শিশুটিলৈ বিয়পিলেও এইক্ষেত্ৰত পিতৃৰ কোনো ভূমিকা নাই । কাৰণ আগতে উল্লেখ কৰা হৈছে যে নিৰ্দিষ্ট ভ্ৰূণটিয়ে শুক্ৰাণুৰ পৰা মাইটোকনড্ৰিয়া গ্ৰহণ নকৰে । জিনগত বিশংগতিৰ বাবে এনে ৰোগ হোৱাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিব নোৱাৰিলে ভৱিষ্যতে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হ’ব ।

Exit mobile version