ইউক্ৰেইনৰ পৰা আহি নগাঁৱৰ ৰাইদঙীয়াৰ বাসগৃহত উপস্থিত মামু হাজৰিকা

"আমিতু কেনেবাকৈ বাচিলো, আমাৰ লগৰবোৰকো উদ্ধাৰ কৰক", বাংকাৰৰ ভিতৰত দুদিন নোখোৱাকৈ আছিল

WhatsApp Image 2022 03 06 at 2.30.12 PM

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই মৃত্যু উপত্যকাত পৰিণত কৰা ইউক্ৰেইনত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী । ইয়াৰ মাজতে ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপত যুদ্ধ জৰ্জৰিত ইউক্রেইনৰ পৰা কালি অসমত উপস্থিত ১২ গৰাকী ছাত্ৰ-ছাত্রী । এই ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আছে নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াৰো এগৰাকী ছাত্ৰী ।

ছাত্ৰীগৰাকীৰ নাম মামু হাজৰিকা । ৰাইডঙীয়াস্থিত বাসগৃহত ছাত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতেই স্বস্তিৰ নিশ্বাস পেলাই ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে । ইউক্ৰেইনৰ Zaporizyha State Medical Universityত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মামু হাজৰিকাই ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিৰ মাজেৰে অসমলৈ যাত্ৰা কৰিবলগীয়া হৈছিল । কে’বাদিনো অনিদ্ৰা অনাহাৰে পাৰ কৰি অৱশেষত কালি স্বগৃহত উপস্থিত হৈ যথেষ্ট পৰিমাণে আবেগিক হৈ পৰে মামু ।

মামুৱে ইউক্ৰেইনৰ ভয়াৱহতাৰ কথা বৰ্ণনা কৰি কয়, “তাত প্ৰতি পদে পদে মানুহক মৃত্যুৰ ভয়ে খেদি ফুৰিছে । তাৰ পৰিস্থিতি খুবেই বেয়া । আমি দুদিন বাংকাৰৰ ভিতৰত সুমাই আছিলো । তাত খাদ্য, পানী একোৱেই নাছিল । প্ৰতি মূহুৰ্তত বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ ভয় আছিল ।”

তেওঁ আৰু কয়, “যোৱা ২৬ ফেব্ৰুৱাৰীত আমি দেশলৈ অহাৰ প্ৰস্তুতি আৰম্ভ কৰো । ১০ঘন্টা ৰেলেৰে আহি পুনৰ ১০ ঘন্টা বাছেৰে ৰোমানিয়াৰ ব’ৰ্ডাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো । বাছখন ব’ৰ্ডাৰৰ পৰা ১২ কিলোমিটাৰ নিলগতে ৰখাই আমাক নমাই দিয়া হৈছিল । মাইনাছ ১২ ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত আমি সেইবাৰ কিলোমিটাৰ পথ খোজকাঢ়ি ব’ৰ্ডাৰলৈ গৈছিলো । কিন্তু ৰোমানীয়াত প্ৰৱেশত বাধা দিছিল সেনাই । তাতো আমি তিনিদিন থাকিবলগীয়া হৈছিল । অৱশ্যে পাছত ফ্লাইটেৰে দিল্লীলৈ অহাৰ সুবিধা কৰি দিয়ে আমাৰ দেশৰ এম্বেছীয়ে । এতিয়া ঘৰত উপস্হিত হৈ স্বস্তিৰ নিশ্বাস এৰিছো । কোনোমতে বাচিলো আমি ।”

ইউক্ৰেইনত আবদ্ধ হৈ থকা অসম তথা ভাৰতৰ আন ছাত্ৰ-ছাত্ৰীক উদ্বাৰ কৰি আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কয়, “ইউক্ৰেইনত এতিয়াও বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে । তেওঁলোকৰ অৱস্থা খুবেই বেয়া । চৰকাৰে যিমান পাৰি সোনকালে তেওঁলোকক উদ্ধাৰ কৰি দেশলৈ লৈ অহাৰ ব্যৱস্থা কৰিব লাগে । এয়া মোৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ ।”

Exit mobile version