জয়পুৰ আৰ চি নিম্ন প্ৰাথমিক বিদ্যালয়ত সম্বৰ্দ্ধনা আৰু সংকল্প গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত

WhatsApp Image 2022 03 06 at 3.12.06 PM

কোকৰাঝাৰ জিলাৰ জয়পুৰ আৰু চি নিম্ন প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ নৱ-নিৰ্বাচিত সদস্য-সদস্যাসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ সাৰ্বাংগীন বিকাশৰ ক্ষেত্ৰৰ কৰণীয় সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয় । উক্ত সভাৰ সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বাবুৰাম মূৰ্মূ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুৰাম মূৰ্মূয়ে ।

উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে যুৱ সমাজকৰ্মী ভীস্ম সৰকাৰ, লক্ষীৰাম হাছদা, কৃতী শিক্ষক কৃষ্ণ কান্ত দাস আৰু লগতে উপস্থিত থাকে শিক্ষক তথা সমাজকৰ্মী ছফিকুল ইছলাম ।

উক্ত সভাত উপস্থিত থাকি যুৱ সমাজকৰ্মী লক্ষীৰাম হাছদায়ে কয় যে সমাজৰ সামগ্ৰীক মংগলৰ বাবে বিদ্যালয়সমূহ স্থাপন কৰা হয় গতিকে ৰাইজে বিদ্যালয় কৰ্তৃপক্ষক সকলো ক্ষেত্ৰত সহায়-সহযোগ কৰিলে বিদ্যালয়ৰ বিভিন্ন ক্ষেত্ৰত বিকাশ হ’ব । শিক্ষা প্ৰক্ৰিয়াটোক অতি গতিশীল আৰু কৃতজ্ঞ কৰি তুলিবলৈ সকলো শ্ৰেণীৰ লোককে অতি ওচৰ আৰু ঘনিষ্ঠ সম্পৰ্ক বিদ্যালয় কৰ্তৃপক্ষৰ লগত ৰাখিবলৈ অনুৰোধ জনায় শিক্ষক তথা সমাজকৰ্মী ছফিকুল ইছলামে ।

ইয়াৰ উপৰি তেওঁ বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৰাইজৰ লগত মিলি বাল্য বিবাহ বন্ধ কৰা আৰু বিদ্যালয়ৰ বিভিন্ন কামত পৰিচালনা সমিতিৰ সদস্য-সদস্যাসকলে সহায় সহযোগিতা কৰা বিষয়টো ভূয়সী প্ৰসংশা কৰে ।

Exit mobile version