পুনেত মেট্র’ ৰেলপথৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ, নিজেই টিকিট কাটি ভ্ৰমণ কৰিলে ট্রেইনত

modi in pune metro with school kids 1646553734717 1646553734981

এহেজাৰ চাৰিশ কোটি টকাৰো অধিক ব্যয়ত নির্মিত পুনে (Pune) মেট্র’ প্রকল্পৰ অধীনত তৈয়াৰ হোৱা ৰেলপথৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (PM Modi) । মেট্র’ৰ মুঠ দৈর্ঘ্য ৩২.২ কিলোমিটাৰ যদিও প্রথম পৰ্যায়ত ১২ কিলোমিটাৰ ৰেলপথৰ উদ্বোধন কৰিলে । লগতে ছত্রপতি শিৱাজি মহাৰাজৰ এটা মূর্তিৰো আৱৰণ উন্মোচন কৰে তেওঁ । আজি উদ্বোধনৰ পাছত নিজেও মেট্ৰ’ত (Metro Rail) ভ্ৰমণ কৰে ।

ভানাজৰ পৰা গাৰৱাৰ ষ্টেচন পর্যন্ত প্রথম ট্রেইনযাত্রাৰ সংগী হয় মোদী । ইয়াৰ উপৰি, প্রথম টিকিটটোও তেঁৱেই কাটিছিল । পাছত নিজৰ টুইটাৰ একাউন্টত নিজৰ ট্রেইন ভ্ৰমণৰ ছবি শ্বেয়াৰ কৰে প্রধানমন্ত্রীয়ে । ২০১৬ৰ ২৪ ডিচেম্বৰত এই প্রকল্পৰ ভিত্তিপ্রস্তৰ স্থাপন কৰিছিল প্রধানমন্ত্রীয়ে । আজি প্রকল্পৰ উদ্বোধন কৰাৰ সময়তে তেওঁ কয়, “আপোনালোকে আমাক সুযোগ কৰি দিছে এইটো উৎসর্গা কৰাৰ । লগতে এটা বার্তাও দিয়া হৈছে যে, পৰিকল্পনা সময়ানুযায়ীয়েই সম্পূর্ণ কৰিব পৰা যায় ।”

অত্যাধুনিক প্রযুক্তিৰ জয়গান গোৱাৰ লগতে ইয়ৰ আগৰ কংগ্রেছ চৰকাৰকো তেওঁ কাঠগড়াত তুলিছে । তেওঁ কয়, “অলস মনোভাবেই দেশৰ উন্নয়নৰ বাধা ।” তেওঁ ঘোষণা কৰে, “আজিৰ ভাৰত দ্রুত আগবাঢ়িছে । সেয়ে গতিৰ ওপৰত আমি নজৰ ৰাখিব লাগিব । সেয়ে আমাৰ চৰকাৰে ‘পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন’ তৈয়াৰ কৰিছে ।”

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বাবে পুনেত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় । সতর্কতামূলক বহু পদক্ষেপ গ্ৰহণ কৰা হয় । ইয়াৰ পূৰ্বে তেওঁৰ পঞ্জাৱ ভ্ৰমণত নিৰাপত্তা লৈ যি বিতর্ক সৃষ্টি হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সতর্কতা বৃদ্ধি কৰা হৈছে ।

আজিৰ অনুষ্ঠানত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেও উপস্থিত থাকে । উল্লেখ্য, কেন্দ্রৰ প্রতি তেওঁৰ অসন্তোষ বুজাবলৈ এনে কৰিলে শিৱসেনাৰ অন্যতম শীর্ষ নেতাই ।

Exit mobile version