Russia Ukraine War : ইউক্রেইনত গুলিবিদ্ধ ভাৰতীয় ছাত্র উভতিল দেশত

Russia Ukraine Crisis Indian student who was shot in the

কিভত গুলিবিদ্ধ ভাৰতীয় ছাত্রক দেশলৈ উভতা বিমানত তুলিলে কেন্দ্রীয় মন্ত্রী ভিকে সিঙে । সোমবাৰে তেওঁৰেই তত্ত্বাৱধানত পোলেণ্ডৰ পৰা ভাৰতত উভতা বিমানত উঠিল ভাৰতীয় ছাত্র হৰজ্যোৎ সিং ।

হৰজ্যোৎ যোৱা মাহত কিভত সেনা আক্ৰমণৰ বলি হৈছিল । ৰাইফলৰ গুলি লাগিছিল হৰজ্যোতৰ ভৰি আৰু কান্ধৰ হাৰত । বহুদিন হাস্পাতালত তেনেদৰেই আছিল । এয়াও অভিযোগ কৰিছিল যে, ভাৰতীয় দূতাবাসৰ স’তে যোগাযোগ কৰি কোনো লাভ হোৱা নাই । কাৰণ তেওঁলোকে সহায় কৰা নাই । কিভৰ ভাৰতীয় দূতাবাসৰ বিৰুদ্ধে অসহযোগিতাৰ অভিযোগো কৰিছিল ৩১ বছৰীয়া ভাৰতীয় ছাত্র‌ই । সেয়ে হৰজ্যোত যেতিয়া এম্বুলেন্সত পোলেণ্ডৰ বিমানবন্দৰত ভাৰতীয়সকল অপেক্ষাৰত বিমানত উপস্থিত হয়, তেতিয়া তেওঁক আদৰণি জনাবলৈ আগবাঢ়ি আহে কেন্দ্রীয় মন্ত্রীগৰাকী । কপালত হাত বুলাই দিয়ে । পোলেণ্ডৰ ভাৰতীয় দূতাবাস সূত্রে খবৰ, সেই বিমানতেই হৰজ্যোৎ আৰু ইউক্রেইনৰ পৰা অহা আৰু দুশজন ভাৰতীয়ক লৈ দেশত উভতি আহিব ভিকে ।

ইউক্রেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশত উভতাই আনিবলৈ ভাৰত চৰকাৰে অপৰেছন গংগা প্রকল্প আৰম্ভ কৰিছে । য’ত ইউক্রেইনত থকা ভাৰতীয়সকলে সীমা অতিক্রম কৰি ইউক্রেইনৰ চুবুৰী দেশ পোলেণ্ড, ৰোমানিয়া বা হাংগেৰীত আহিলে তেওঁলোকক উদ্ধাৰ কৰি উভতাই অনা হৈছে দেশত ।

সোমবাৰৰ পৰা আৰম্ভ হৈছে অপৰেছন গংগাৰ শেষ পর্যায়ৰ উদ্ধাৰকাৰ্য । পোলেণ্ডৰ পৰা ভাৰতীয় বায়ুসেনাৰ চি-১৭ বিমানত প্রায় দুশজন ভাৰতীয়ক লৈ ৰাওনা হয় ভাৰতলৈ । সেই বিমানৰেই যাত্রী হৰজ্যোৎ ।

হৰজ্যোতৰ স’তে তেওঁৰ কথাবার্তাৰ দৃশ্যৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত প্রকাশ কৰিছে ভিকেয়ে । ভাৰতত তৈয়াৰী মাইক্র’ব্লগিং ছাইট ‘কুজ’-ত এই ভিডিঅ’ প্রকাশ কৰি বিৱৰণীত ভিকেয়ে লিখে, ‘ভাৰতীয় বায়ুসেনাৰ উদ্ধাৰকাৰী বিমান চি-১৭ৰে হৰজ্যোৎ সিঙো দেশত উভতিছে । দেশত যিসকল তেওঁৰ বাবে উদ্বিগ্ন, তেওঁলোকক জনাব বিচাৰো হৰজ্যোতৰ দায়িত্ব এতিয়া উপযুক্ত হাতত । তেওঁৰ বেয়া সময় পাৰ হ’ল । ম‌ই হৰজ্যোতৰ স’তে তেওঁৰ পৰিয়ালক সাক্ষাতৰ অপেক্ষা কৰিছো । আশা কৰো তেওঁ দ্রুত সুস্থ হৈ উঠিব ।’

উল্লেখ্য, ফেব্রুয়াৱাৰীত ৰাছিয়া আৰু ইউক্রেইন বাহিনীৰ যুদ্ধ চলাকালীন কিভৰ পৰা এলভিভত যাওঁতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হৰজ্যোৎ । তেওঁক বহুবাৰ গুলি কৰা হয় । হৰজ্যোতে জনাইছিল, এটা বুলেট তেওঁৰ কান্ধত লাগিছে । তেওঁৰ বুকুৰ পৰাও এটা গুলি ওলাইছে চিকিৎসকসকলে । গুলিত ভৰিৰ হাৰো ভাঙিছে হৰজ্যোতৰ । কিভৰ চিটি হাস্পতালত থকাকালীন হৰজ্যোত আঘাতপ্ৰাপ্ত হোৱা আৰু তেওঁক ভাৰতীয় দূতাবাসে সাহায্য নকৰাক লৈ অসন্তোষ্টি আৰম্ভ হয় দিল্লীতো ।

সোমবাৰে সন্ধিয়া সাত বজাত পোলেণ্ডৰ পৰা দিল্লীত তেওঁলোকৰ বিমান অৱতৰণ কৰিব ।

Exit mobile version