নিত্য ব্যৱহার্য সামগ্ৰীৰ জি এছ টিৰ ন্যূনতম নিৰিখ বৃদ্ধিৰ সম্ভাৱনা :বাঢ়িব পাৰিবাৰিক ব্যয়

istockphoto 1125808280 612x612 1

img

সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) পৰিষদৰ প্ৰৱৰ্তী বৈঠকত সলনি কৰা হ’ব পাৰে জি এছ টিৰ বৰ্তমানৰ নিৰিখ। প্রকাশিত বাতৰি অনুসৰি জি এছ টি পৰিষদৰ পৰৱর্তী বৈঠকত বৰ্তমানৰ জি এছ টিৰ সর্বনিম্ন নিৰিখ পাঁচ শতাংশৰ পৰিৱর্তে আঠ শতাংশলৈ বৃদ্ধি কৰা হ’ব পাৰে।

দেশত জি এছ টিৰ ন্যূনতম নিৰিখ আঠ শতাংশলৈ বৃদ্ধি পালে সাধাৰণ নাগৰিকৰ পৰিয়াল পৰিচালনাৰ ব্যয় বৃদ্ধি পাব। জি এছ টিৰ নিৰিখ পৰিৱর্তিত হ’লে নিত্য ব্যৱহার্য পণ্য আৰু সামগ্ৰীৰ মূল্যও যথেষ্ট বৃদ্ধিৰ শংকা আছে। ৰাজ্যসমূহৰ ওপৰত কেন্দ্রীয় নির্ভৰতা হ্রাস কৰাৰ বাবেও জি এছ টি পৰিষদে আন কিছুমান নীতি সলনি কৰাৰ সম্ভাৱনা আছে।

তদুপৰি জি এছ টিৰ বৰ্তমানৰ ‘শ্লেব’ সলনি কৰাৰাে সম্ভাৱনা আছে।বর্তমানে দেশত ৫, ১২, ১৮ আৰু ২৮ শতাংশ নিৰিখত জি এছ টি সংগ্রহ কৰা হয়।

Exit mobile version