বাগসাৰ হজুৱাত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ অধিৱেশনৰ সফল সামৰণি

aeddaf1e a93d 4de1 9a9d a61e32f44449

বাগসা জিলাৰ হজুৱাস্থিত ককলাবাৰী চাপাগুৰি মহাবিদ্যালয় খেলপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে।

এই উপলক্ষে সদৌ ব্ৰহ্ম ধৰ্ম কমিটীৰ সভাপতি অমৰেন্দ্ৰ ব্ৰহ্মৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্রী উৰ্খা গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, ব্ৰহ্ম ধৰ্ম সমাজ সংস্কাৰৰ এটা আন্দোলনৰ মাধ্যমেৰে জন্মলাভ কৰে।

গুৰুদেৱ কালিচৰণ ব্ৰহ্মই ১৯০৬ চনৰ পৰা ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল। সেই সময়ত বড়ো সকলৰ মাজত বাথৌ ধৰ্মৰ প্ৰবল প্ৰচাৰ আছিল যদিও সমাজ সংস্কাৰৰ অতিকৈ আৱশ্যক আছিল হেতুকে ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল।

আজি ব্ৰহ্ম ধৰ্ম অকল ধৰ্ম হিচাপে নাথাকি সমাজ সংস্কাৰৰ নেতা হিচাপে কালিচৰণ ব্ৰহ্মক স্থান দিয়া হৈছে। ভাৰতবৰ্ষৰ বহু সমাজ সংস্কাৰক সকলৰ দৰে কালিচৰণ ব্ৰহ্মও কোনো গুণে কম নাছিল।

তেওঁ শিক্ষা, সাংস্কৃতিক, অৰ্থনৈতিক ক্ষেত্ৰত যি অৱদান দি গ’ল তাৰ বাবে আজি ইয়াৰ সমাজত এটা নতুন সভ্যতা পাবলৈ সক্ষম হৈছে। এবিডিচিৰ মুখ্য প্ৰচাৰক মনোৰঞ্জন ব্ৰহ্মই নিদির্ষ্ট বক্তা হিচাপে অংশগ্রহণ কৰা সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, জয় মুছাহাৰী, মন্টু বড়ো, অনিপ বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

Exit mobile version