Akshay Kumar: তোমাৰ কথা খুব মনত পৰিব,১২বছৰৰ সংগীক হেৰুৱালে শোকস্তব্ধ অক্ষয়

akshay cleao mourn

পৰিয়ালৰ এজন সদস্যক হেৰুৱালে অভিনেতা অক্ষয় কুমাৰে । অভিনেতাজনে নিজেই টুইটাৰৰ জৰিয়তে তেওঁৰ পোহনীয়া কুকুৰৰ মৃত্যুৰ কথা ঘোষণা কৰে।

ADVERTISEMENT

অভিনেতাজনে তেওঁৰ মৰমৰ পোহনীয়া কুকুৰটোৰ ফটো দি দুখ প্ৰকাশ কৰি কয়, “আমাৰ হৃদয়ৰ এটা অংশ কাঢ়ি লৈ গৈছে তুমি । শান্তিত থাকা ক্লিঅ’। তোমাৰ কথা বহুত মনত পৰিব। ‘

অক্ষয়ৰ দৰে তেওঁ পত্নী টুইঙ্কলৰো ভাঙি পৰিছে দুখত। টুইঙ্কলে ক্লিঅ’ৰ যত্ন লোৱাৰ ফটো আৰু ভিডিঅ’ৰ শ্বেয়াৰ কৰি লিখিছে, “আমাৰ ক্লিঅ গুচি গ’ল। তেওঁৰ স’তে আমি ১২ টা ভাল বছৰ অতিবাহিত কৰিছিলো। “

ক্লিঅ’ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সোণালী বেন্দ্ৰে, ববি দেওল, অমৃতা অৰোৰা আৰু ডাব্বু ৰত্নানীৰ দৰে তাৰকাসকলে ।

Exit mobile version