দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড,জুইত জাহ গ’ল লক্ষাধিক টকা

দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । দেৰগাঁও এএছটিচি বাচষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত জাহ গ’ল এটা ঘৰৰ সা-সম্পত্তিৰ লগতে লক্ষাধিক টকা।

অগ্নিকাণ্ডত জাহ যোৱা ঘৰটোৰ গৰাকীজনৰ নাম মৃদুল হাজৰিকা।

পৰিয়ালৰ ভাষ্যমতে পৰিয়ালৰ মুৰব্বী মৃদুল হাজৰিকাৰ অসুস্থতাৰ বাবে মাটি বিক্ৰী কৰি লক্ষাধিক টকা ৰাখিছিল ঘৰটোত।

কি কাৰনত এই অগ্নিকাণ্ড সংঘটিত হ’ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে কোৱা অনুসৰি কোনোবাই ষড়যন্ত্ৰ কৰি ঘৰটোত অগ্নি সংযোগ কৰে ।

Exit mobile version