Russia-Ukraine War : ৰুছ বোমাবর্ষণৰ ফলত ইউক্রেইনৰ পৰীক্ষাগাৰৰ পৰা প্রাণঘাতী জীৱাণুৰ সংক্ৰমণ হ’ব পাৰে, হু

ukrainewar

যুদ্ধ‌ই জীৱাণু সংক্রমণৰ সম্ভাৱনা বৃদ্ধি কৰিছে । বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ সাম্প্রতিক সতর্কবার্তাত এই শংকা প্রকাশ কৰা হৈছে । কোৱা হৈছে, ক্ষতিকাৰক ভাইৰাছ বা বেক্টেৰিয়া আছে, ইউক্রেইনৰ এনে কোনো পৰীক্ষাগাৰত ৰুছ বাহিনীৰ ক্ষেপণাস্ত্র বা বোমাবর্ষণৰ বলি হ’লে তাৰ পৰা প্রাণঘাতী জীৱাণু বিয়পি পৰাৰ শংকা আছে ।

এনে পৰিস্থিতিত পৰীক্ষাগাৰসমূহত থকা ক্ষতিকাৰক জীৱাণুসমূহ ধ্বংসৰ বাবে ইউক্রেইন চৰকাৰক পৰামর্শ দিছে হু-ৱে । জৈৱসুৰক্ষা বিশেষজ্ঞৰ একাংশৰ মতে, ইউক্রেইনৰ বিভিন্ন অঞ্চলত ৰুছ সেনাৰ আক্ৰমণ আৰু বোমাবর্ষণে ৰোগ-সৃষ্টিকাৰী জীৱাণু সংক্ৰমণৰ শংকা বৃদ্ধি কৰিছে । এই সংক্রান্ত পৰীক্ষাগাৰসমূহৰ এটাও যদি কোনো কাৰণত ক্ষতিগ্রস্ত হয়, মাৰাত্মক বিপর্যয়ৰ সৃষ্টি হ’ব পাৰে । ইউক্রেইনৰ স্বাস্থ্য মন্ত্রণালয়ৰ পৰীক্ষাগাৰত নভেল কৰ’নাভাইৰাছসহ নানা ৰোগসৃষ্টিকাৰী জীৱাণু আছে বুলি জনাইছে হু-ৱে ।

হু-ৰ তৰফৰ পৰা সংবাদ সংস্থা ৰয়টার্ছক জনাইছে, দুর্ঘটনাজনিত বা ইচ্ছাকৃতভাৱে ৰোগজীৱাণু সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্রতিৰোধত কে’বা বছৰ ধৰি ইউক্রেইনৰ জনস্বাস্থ্য বিষয়ক পৰীক্ষাগাৰসমূহৰ স’তে সহযোগিতা কৰা হৈছে । যুদ্ধ পৰিস্থিতিৰ বাবে সেই জৈৱসুৰক্ষা ব্যৱস্থা বৃহৎ আঘাতপ্ৰাপ্ত হ’ব পাৰে । সেয়ে এনে পৰিস্থিতিত সমস্ত পৰীক্ষাগাৰত থকা প্রাণঘাতী জীৱাণু ধ্বংস কৰাৰ বার্তা প্ৰেৰণ কৰা হৈছে ।

Exit mobile version