মটৰ গুটিৰো‌ আছে উপকাৰী গুণ

Peas in pods Studio

মটৰ গুটি প্ৰায়ভাগ লোকে খায় । বিশেষকৈ সেউজীয়া মটৰ গুটি আঞ্জা প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিলে আঞ্জাখন সোৱাদযুক্ত হয় । এইবিধ কেৱল সোৱাদমুক্ত পাচলিয়ে নহয়, সমান্তৰালভাৱে ৰোগ প্রতিৰোধ, স্বাস্থ্য ৰক্ষা আদিতো সহায় কৰে । ইয়াত থকা পুষ্টিকৰ উপাদানৰ বাবে কোৱা হয় ‘নিউট্ৰিচনেল পাৱাৰ হাউছ’ । সাধাৰণতে ইয়াত কেটেচিন, এপিকেটেচিন, কেৰটিনয়েড, ফেনলিক এচিড আৰু পলিফেনলছ (কুমেষ্ট্ৰল) জাতীয় ফাইটো দনিউট্ৰিয়েণ্টছ থাকে । এইবোৰে শৰীৰটোক সুস্থ আৰু সতেজ কৰি ৰখাত সহায় কৰে । ইয়াত থকা বিভিন্ন উপাদানৰ বাবে শৰীৰৰ যিবোৰ উপকাৰ সাধন হয় সেয়া উল্লেখ কৰা হ’ল ।

পলিফেনল সমৃদ্ধ বাবে পেটৰ কৰ্কটৰোগ প্ৰতিৰোধ হয় ।

মটৰত ডায়েটৰী ফাইবাৰ আৰু এণ্টি অক্সিডেণ্ট টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধ কৰিব পৰা শক্তি আছে ।

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ‘বি’ থাকে বাবে হৃদৰোগৰ আশংকা হ্ৰাস পায় । যিসকলে নিয়মীয়াকৈ ২৫-৩০ গ্ৰাম মটৰ খায় তেওঁলোকৰ তেজত হোমোচিষ্টিনৰ পৰিমাণ হ্ৰাস পায় আৰু সেইবাবে হৃদৰোগৰ আশংকা কম ।

এইবিধ পাচলিয়ে বদহজম, অৰুচি, কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা মুক্তি দিয়ে ।

ইয়াত ভিটামিন ‘কে’, ‘বি’ৰ উপৰি কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে বাবে নিয়মীয়াকৈ খালে অষ্টিঅ’পেৰোছিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি । অৰ্থাৎ হাড় শক্তিশালী কৰি ৰাখিব পৰা বহুতো উপাদান মটৰত উপলব্ধ ।

তদুপৰি ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে ।

বয়সৰ চাপ প্ৰতিৰোধ কৰিব পৰা বিভিন্ন উপাদান ইয়াত পোৱা যায় ।

মেদবহুলতাৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি ।

Exit mobile version