Coronavirus in China : ২৪ ঘণ্টাত সংক্ৰমনৰ ৰেকৰ্ড চীনত ! বৃদ্ধি পাইছে ডেল্টা ,অ’মিক্ৰমণ

1647228305 china

img

বিগত ২৪ ঘণ্টাত প্ৰায় সংক্ৰমিত প্ৰায় ৩৪০০ জন । ২০২০ বৰ্ষৰ পৰা দেশজুৰি এই গতিত কেতিয়াও কৰ’না সংক্ৰমণ বৃদ্ধি হোৱা নাছিল চীনত । ফলত বৃদ্ধি পাইছে উদ্বিগ্ন ।প্ৰশ্নটো উঠিছে, চি জিনপিং চৰকাৰৰ ‘ক’ভিড-শূণ্য’ ৰণনীতিয়ে কাম কৰা নাই নেকি?

চীনৰ লাখ লাখ মানুহে গৃহবন্দী হৈ দিন অতিবাহিত কৰিছে। দৰাচলতে, যোৱা এদিনত, সমগ্ৰ চীনত কৰ’না সংক্ৰমণৰ সংখ্যা প্ৰায় দুগুণ হৈছে। সমগ্ৰ দেশৰ কমেও ১৮ খন প্ৰদেশত ডেল্টা আৰু অ’মিক্ৰন সংক্ৰমণৰ “ক্লাষ্টাৰ” ধৰা পৰিছে। ছাংহাইত বিদ্যালয় বন্ধ আছে।

প্ৰযুক্তি খণ্ডৰ অন্যতম কেন্দ্ৰ শ্বেনঝেনৰ পৰা আৰম্ভ কৰি দেশৰ উত্তৰ-পূবৰ কেবাখনো চহৰত তলাবন্ধ বলবৎ হৈ আছে। উত্তৰ-পূবৰ সংক্ৰমণৰ কেন্দ্ৰস্থল জিলিন চহৰত কালি আংশিক তলাবন্ধ হৈছিল।

আজি উত্তৰ কোৰিয়াৰ সীমান্তৱৰ্তী ইয়াঞ্জিৰ প্ৰায় সাত লাখ বাসিন্দা গোটেই দিনটো গৃহবন্দী হৈ থাকিব । মাৰ্চৰ আৰম্ভণিৰ পৰা কমেও তিনিখন সৰু চহৰ বন্ধ হৈ থাকিব।

আনকি মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়তো, চীনত মুঠ ৰোগীৰ সংখ্যাৰ হিচাপত ৱৰ্ল্ডোমিটাৰ ৰেংকিঙত ৯০ তম স্থানত আছিল। এতিয়া আৰু পিছ পৰি ১২৪ নম্বৰত । তাত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়াও মাত্ৰ ৭২৩০ জন। ২০১৯ ৰ শেষত চীনত প্ৰথমবাৰৰ বাবে কৰ’নাভাইৰাছ চিনাক্ত কৰা হৈছিল। চীনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যেনে নিৰন্তৰ তলাবন্ধ, কঠোৰতা, গণহাৰত কৰ’না পৰীক্ষা।

Exit mobile version