Hijab Row : হিজাব নিষেধাজ্ঞা সন্দৰ্ভত ৰায় দান কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

4948bfa8da1485446223c7a0c820112c original

বছৰৰ আৰম্ভণিতে ৰাজ্যত তুলপাৰ লগোৱা হিজাব নিষেধাজ্ঞাৰ বিষয়ত কৰ্ণাটক উচ্চ ন্যায়ালয়ে অহা কালি ৰায় দান কৰিব । উদুপিৰ এদল ছাত্ৰ‌ই আদালতত ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানত মূৰৰ স্কাৰ্ফৰ বাধাক প্ৰত্যাহ্বান জনাইছিল ।

শিক্ষাৰ্থীসকলে দাবী কৰিছিল যে শিক্ষা প্রতিষ্ঠানত মূৰৰ স্কাৰ্ফ পৰিধান নিষিদ্ধ কৰা কোনো আইন নাই । তেওঁলোকৰ যুক্তি আছিল, হিজাব, সংবিধান দ্বাৰা প্ৰদত্ত ধৰ্মীয় স্বাধীনতাৰ অধীনত সুৰক্ষিত আৰু জনশৃংখলা লংঘনৰ পৰিপ্ৰেক্ষিতত এইটো নিষিদ্ধ কৰিব পাৰি নে নাই সেই বিষয়ত সিদ্ধান্ত ল’বৰ বাবে কোনো মহাবিদ্যালয় উন্নয়ন সংস্থা সজ্জিত নহয় ।

উদুপিৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে শিক্ষকসকলৰ অনুৰোধ স্বত্ত্বেও মূৰৰ স্কাৰ্ফ খুলিবলৈ আৰু ব্যৱহাৰ বন্ধ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে জানুৱাৰীত এই নিষেধাজ্ঞা আৰম্ভ হয় । ইয়াৰ পাছতে পাঁচ শিক্ষাৰ্থী আদালতৰ শৰণাৰ্থী হয় ।

বিক্ষোভ বিয়পি পৰাত, ধৰ্মীয় পৰিচয়ৰ যুক্তি দি একাংশ শিক্ষাৰ্থীয়ে গেৰুৱা স্কাৰ্ফ লোৱা আৰম্ভ কৰে । আকৌ দলিত শিক্ষাৰ্থীসকলে হিজাবৰ প্ৰতি সমৰ্থন জনাবলৈ নীলা ৰং ব্যৱহাৰ কৰে ।

তেনে সময়তে, উচ্চ ন্যায়ালয়ে বিষয়টো বৃহত্তৰ বেঞ্চলৈ প্ৰেৰণ কৰে আৰু বিতৰ্কিত অন্তৰ্বৰ্তী আদেশত ৰায় দিয়ে যে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খুলিব পাৰিব কিন্তু হিজাবসহ কোনো ধৰ্মীয় পোছাকৰ অনুমতি দিয়া নহ’ব ।

উল্লেখ্য এই আদেশ বিতৰ্কত সাঙুৰ খাই পৰে, কাৰণ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কেম্পাছত প্ৰৱেশ কৰাৰ পূৰ্বে মূৰৰ স্কাৰ্ফ খুলিবলৈ বাধ্য কৰা হয় । ইয়াৰ প্ৰতিবাদত কিছুসংখ্যক শিক্ষাৰ্থী ঘৰলৈ উভতি যায় । ফলত সামাজিক মাধ্যম একাধিক দৃষ্টিভংগীৰে উপচি পৰে আৰু মূৰৰ স্কাৰ্ফৰ নিষেধাজ্ঞা মুছলমান ছাত্ৰীসকলৰ শিক্ষাৰ পথত বাধা হৈ পৰে ।

Exit mobile version