Migraine Causing Foods : মাইগ্ৰেইনৰ সমস্যা ? কি কি খাদ্য এৰিব

1728427

মাইগ্ৰেইনৰ একাধিক কাৰণ থাকিব পাৰে। বেছিভাগ ক্ষেত্ৰত, মাইগ্ৰেইনৰ কাৰণ ব্যক্তি ভেদে পৃথক হয়। কিন্তু কোন কোন কাৰণে মাইগ্ৰেইন সৃষ্টি হয় কোৱা কঠিন।

ADVERTISEMENT

অৱশ্যে, বিশেষজ্ঞসকলৰ মতে, কিছুমান খাদ্যই সাধাৰণতে মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

(১) কেফেইন: অতিৰিক্ত কেফেইন সমৃদ্ধ খাদ্য খোৱা বা ঘপকৈ বন্ধ কৰিলে মাইগ্ৰেইন হ’ব পাৰে।

(২) কৃত্ৰিম মিঠাই: বহুতো খাদ্যত, চেনীৰ সলনি কৃত্ৰিম মিঠাই ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, কে’বাটাও কৃত্ৰিম মিঠাই মাইগ্ৰেইন সৃষ্টি কৰিব পাৰে। বিশেষকৈ, মাইগ্ৰেইনত ভুগি থকা ৰোগীসকলৰ বাবে ‘এস্পাৰ্টেম’ নামৰ কৃত্ৰিম মিঠাই যথেষ্ট ক্ষতিকাৰক।

(৩) সুৰা: গৱেষণাত কোৱা হৈছে যে সুৰাৰ ফলত ৩৫ শতাংশ ৰোগীৰ মাইগ্ৰেইন হয়। বিশেষকৈ ৰেড ৱাইনে মাইগ্ৰেইনৰ ৭৭ শতাংশ ৰোগীৰ মুৰৰ বিষৰ আশংকা বৃদ্ধি কৰে ।

(৪) চকলেট: চকলেটে প্ৰায় ২২ শতাংশ ৰোগীৰ মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি কৰিব পাৰে। চকলেটত কেফেইন আৰু বিটা-মিথাইল ফেনাইলথাইলামাইন থাকে, যাৰ ফলত কিছুমান লোকৰ মাইগ্ৰেইন হয়।

(৫) চীজ: চীজত ‘টাইৰামাইন’ নামৰ পদাৰ্থ থাকে যি মাইগ্ৰেইন সৃষ্টি কৰিব পাৰে। চীজৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে, এই পদাৰ্থৰ পৰিমাণ বৃদ্ধি হয়।

(৬) আচাৰ: চীজৰ দৰে, আচাৰতো যথেষ্ট টাইৰামিন থাকে। সেয়েহে, মাইগ্ৰেইনৰ সমস্যা আচাৰৰ পৰাও বৃদ্ধি হ’ব পাৰে।

Exit mobile version