Russia-Ukraine Conflict : ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত আৰু বেয়া হ’ব পাৰে ক’ভিড পৰিস্হিতি ,সতৰ্কবাৰ্তা হু-ৰ

1647237285 ukraine

যুদ্ধক্ষেত্ৰৰ পৰাও বিয়পিব পাৰে কৰ’না ভাইৰাছ , আশংকা প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই । ইউক্ৰেইন আৰু ইয়াৰ চুবুৰীয়া দেশসমূহকো এই বিষয়ে সতৰ্ক কৰি দিয়া হৈছে। একে সময়তে, বিশ্ব স্বাস্থ্য সংস্থাই ৰাছিয়াৰ সামৰিক বাহিনীক ইউক্ৰেইনৰ স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়সমূহৰ ক্ষতি নকৰিবলৈ অনুৰোধ জনাইছে।

বিগত ১৯ দিনত প্ৰায় ২০ লাখ লোকে ইউক্ৰেইন ত্যাগ কৰি চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈছে। হু-ৰ আশংকা তেওঁলোকৰ পৰাই সংক্ৰমণ বিয়পিব পাৰে । কিয়নো, প্ৰথমতে, ইউক্ৰেইনৰ বাসিন্দাসকলৰ টিকাকৰণৰ মাত্ৰ হৈছে ৩৪ শতাংশ। যিটো আন দেশৰ তুলনাত অতি কম। দ্বিতীয়তে, তিনি-ন মাৰ্চত ইউক্ৰেইন আৰু ইয়াৰ কাষৰীয়া দেশসমূহত কৰ’না সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিল।

এই ছয় দিনত, ইউক্ৰেইনকে ধৰি চুবুৰীয়া দেশবোৰত সাত লাখ ৯১ হেজাৰ ২১ জনৰ দেহত কৰ’না সংক্ৰমণ ধৰা পৰিছে । মৃত্যু হৈছে আঠ হেজাৰ ১২ জনৰ ।হু-ৰ মতে এই সংখ্যা উদ্বেগজনক।

হু-ৰ স্বাস্থ্য সংক্ৰান্ত জৰুৰীকালীন বিভাগৰ কাৰ্যবাহী সঞ্চালক মাইক ৰিয়ানৰ মতে, ইউক্ৰেইনত কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে আৰু অনাগত দিনত বৃদ্ধি পাব। তেওঁ কয়, “যুদ্ধৰ ফলত ইউক্ৰেইনত ক’ভিড টিকাকৰণৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। ক’ভিড পৰীক্ষাও বন্ধ কৰা হৈছে।আৰু এইটো এটা আটাইতকৈ উদ্বেগজনক কাৰণ।’

যুদ্ধৰ পাছত বিভিন্ন দেশত বিয়পি পৰা ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ বিষয়েও উত্থাপন কৰিছে ৰায়ানে। তেওঁ কয়,”এই শৰণাৰ্থীসকলে অজ্ঞাতে ভাইৰাছটো নিজৰ লগত লৈ যাব পাৰে। “

বিশ্ব স্বাস্থ্য সংস্থাই সংক্ৰমণ বিয়পা প্ৰতিহত কৰিবলৈ বিভিন্ন সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰি আছে। ইউক্ৰেইনৰ চুবুৰীয়া দেশ যেনে হাংগেৰী, ৰোমানিয়া, শ্লোভাকিয়াই ইতিমধ্যে শৰণাৰ্থীসকলৰ বিনামূলীয়া কৰ’না পৰীক্ষা আৰু টিকাকৰণৰ ব্যৱস্থা কৰিছে।

অৱশ্যে, ইউৰোপত যিদৰে কৰ’না সংক্ৰমণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে, দুয়োখন দেশৰ মাজত হোৱা যুদ্ধই পৰিস্থিতি আৰু বেয়া কৰিব পাৰে বুলি অনুমান কৰিছে হু-য়ে।

Exit mobile version