এইবাৰ বাংলাদেশত উৎপাদিত হ’ব বিশ্বৰ সবাতােকৈ অধিক মূল্যৰ চাহপাত। প্রতি কিলাে চাহৰ মূল্য হ’ব ১৬ কোটি টকা। সােণৰ প্ৰলেপ সনা এই সােণালী চাহ বিশ্বৰ ভিতৰতে সবাতােকৈ অধিক মূল্যৰ হ’ব।
‘গ’ন্ডেন বেংগল টী’ নামৰ এই বিশেষ চাহ স্বচ্ছ কাপত ঢালি দিলে সােণালী ৰং প্রত্যক্ষ হয়। এই চাহত থাকে ভক্ষণযােগ্য সােণৰ প্ৰলেপ।
লণ্ডন টী এক্সচেঞ্জৰ দ্বাৰা নিৰূপণ কৰা মূল্য অনুসৰি প্রতি কিলােগ্রাম ‘গ’ল্ডেন বেংগল টীৰ মূল্য ১৪ লাখ পাউণ্ড অর্থাৎ ভাৰতীয় মূল্য প্রায় ১৬ কোটি টকা
হ’ব।
অহা মে’ত এই চাহ নিলামত বিক্রী কৰা হব। বাংলাদেশৰ চিলেট অঞ্চলত অতি গােপনে এই চাহৰ খেতি কৰা হৈছে। এইবিধ চাহ ‘ব্লেক টী’ প্ৰজাতিৰ যদিও স্বচ্ছ পিয়লাত পৰিৱেশন কৰিলে সােণালী ৰং প্রত্যক্ষ হয়।
এই চাহ উৎপাদনৰ বাৰে চাৰে চাৰি বছৰ সময়ৰ প্রয়ােজন হয়। চাহগছৰ মাত্র দুটি সােণালী পাতৰে চাহ তৈয়াৰ কৰা হয়। প্রকাশিত বাতৰি অনুসৰি, বাংলাদেশ ২০১৬ত এইবিধ চাহৰ খেতি চিলেটত আৰম্ভ কৰা হৈছিল।
পাঁচ বছৰ পাছত এই চাহখেতিৰ জৰিয়তে প্রায় ৯০০ কিলােগ্রাম চাহৰ পৰা এক কিলােগ্রাম সােণালী চাহ উৎপাদন কৰা সম্ভৱ হৈছে। এই চাহৰ স’তে মিশ্রণ কৰা হৈছে খাদ্য হিচাপে গ্ৰহণ কৰিব পৰা ২৪ কেৰেটৰ সােণৰ প্ৰলেপ লণ্ডনত অনুষ্ঠিত হ’ব লগা নিলামত ১৬ কোটি টাকা মূল্যৰ এক কিলাে সােণালী চাহ বিক্রী হলে ই হ’ব বিশ্বৰ সবাতােকৈ অধিক মূল্যৰ চাহ।