Prabhas : ‘ৰাধে শ্যাম’ৰ ছবিৰ সমালোচনা শুনি আত্মহত্যা প্ৰভাসৰ অনুৰাগীৰ

prabhas pooja

প্ৰভাস আৰু পূজা হেগড়েৰ তেলেগু ছবি ‘ৰাধে শ্যাম’ৰ মুক্তিৰ আগতেই উত্তেজনা তুংত আছিল । কিন্তু মুক্তিৰ পাছত হতাশ হৈছে দৰ্শকৰ এক অংশ ।

ADVERTISEMENT

সমালোচিত হৈছে ‘বাহুবলী’ খ্যাত প্ৰভাসৰ নতুন চলচ্চিত্ৰখন। কিন্তু প্ৰভাসৰ ছবিক লৈ সমালোচনা গ্ৰহণ কৰিব নোৱাৰিলে ২৪ বছৰীয়া এজন যুৱকে । আত্মহত্যা কৰিলে অন্ধ্ৰ প্ৰদেশৰ ৰবি তেজাই ।

প্ৰভাসক পাগলৰ দৰে ভাল পাইছিল ৰবিয়ে । তথ্য অনুসৰি, ৰবিৰ মাতৃয়ে আৰক্ষীক জনাইছে , মৃত্যুৰ পূৰ্বে ৰবিয়ে মাকক প্ৰভাসৰ ছবিৰ বিষয়ে কৈ আছিল।

ৰবিৰ মাতৃয়ে দাবী কৰিছিল যে নেতিবাচক প্ৰতিক্ৰিয়াৰ বাবে ৰবি মানসিকভাৱে ভাগি পৰিছিল। তাৰ পাছতে ৰবিয়ে আত্মহত্যা কৰে।

সমালোচিত হোৱা স্বত্বেও ‘ৰাধে শ্যামে’ মাত্ৰ তিনি দিনত ১৫১ কোটি টকাৰ ব্যৱসায় কৰছে। ১১ মাৰ্চত মুক্তি লাভ কৰিছিল গুলচন কুমাৰ আৰু টি-চিৰিজৰ ‘ৰাধে শ্যাম’।

Exit mobile version