Prashant Kishor : ২০২৪-ত বিজেপি-ক প্ৰত্যাহ্বান দিয়া সম্মৱ, অৱশ্যে পুনর্জন্ম ল’ব লাগিব কংগ্রেছে : পিকে

পাঁচ ৰাজ্যত নিৰ্বাচনৰ ফলাফল প্রকাশৰ পাছতেই ভোটকুশলী প্রশান্ত কিশোৰে (পিকে) কয়, বিধানসভা নিৰ্বাচনৰ ফল কেতিয়াও লোকসভা ভোটত ফলকত নির্ধাৰণ কৰিব নোৱাৰে । মঙলবাৰে পুনৰ তেওঁ একেই কথা জনালে । পাঁচ ৰাজ্যৰ নিৰ্বাচনত শোচনীয় হাৰৰ পাছত বিৰোধী ৰাজনৈতিক দলসমূহে কংগ্রেছক নেতৃত্বপ্রদানকাৰী অৱস্থানত নিবিচাৰে । অৱশ্যে এই মত পিকে-ৰ নহয় । তেওঁৰ মতে, কংগ্রেছে যদি বিৰোধীসকলৰ স’তে একজোঁট হৈ কাম কৰে, তেন্তে ২০২৪-ত বিজেপি-ক প্ৰত্যাহ্বান দিব পাৰিব তেওঁলোকে ।

ADVERTISEMENT

ইয়াৰ বাবে কংগ্রেছে ‘পুনর্জন্ম’ ল’ব লাগিব । পিকে-ৰ মতে সেই পুনর্জন্মৰ অৰ্থ হ’ল, ‘‘দলৰ নীতি, আদর্শ একেই থাকিব কিন্তু বাকী সকলোখিনি সম্পূৰ্ণ নতুন হ’ব ।’’ ৰাজনৈতিক মহলৰ মতে, প্রকাৰান্তৰে তেওঁ দলৰ এটা নির্দিষ্ট পৰিয়াল নির্ভৰতাকে কটাক্ষ কৰিছে ।

বিৰোধী জোঁটৰ এজনৰ নাম ল’বলৈ কোৱাত পিকে-য়ে কয়, ‘‘১৯৭৩-৭৪ৰ আগতে কোনোবাই ক’ব পাৰিছিল নেকি জেপি (জয়প্রকাশ নাৰায়ণ) বুলি এটা নাম উঠি আহিব, যিয়ে বিৰোধী জোঁটক একজোঁট কৰিব ।’’ তেওঁ আৰু কয়, ‘‘১৯৮৭ত ভিপি সিং বুলি এটা নামৰ কথা কোনোবাই আগতে ভাবিছিল নেকি ? যিয়ে বিৰোধী জোঁটৰ নেতা হ’ব । হাতত এতিয়াও দুবছৰ সময় আছে । বিজেপি বিৰোধী ৰখজনৈতিক দলসমূহ জোঁটবদ্ধ হ’লে নাম তাৰ পৰা উঠি আহিব ।’’

Exit mobile version