Russia Ukraine War : প্রত্যাঘাত ! খেৰছন বিমানবন্দৰত তিনিখন ৰুছ হেলিকপ্টাৰ ধ্বংস কৰিলে ইউক্রেইনৰ সেনাই

NINTCHDBPICT000716505622

ৰাছিয়াৰ ক্রমাগত আগ্রাসনৰ প্ৰত্যুত্তৰ দিলে ইউক্রেইনে । সূত্রৰ খবৰ, খেৰছন আন্তর্জাতিক বিমানবন্দৰত ৰাছিয়াৰ প্ৰায় তিনিখন সামৰিক হেলিকপ্টাৰ ধ্বংস কৰিলে ইউক্রেইনৰ সেনাই ।

ৰাছিয়াৰ আগ্রাসনৰ ২০ দিন অতিক্রান্ত । এই সময়কালত ইউক্রেইনৰ সৰ্ববৃহৎ প্রত্যাঘাতৰ ঘটনা সংঘটিত হ’ল খেৰছন বিমানবন্দৰত । উপগ্রহ চিত্র বিশ্লেষণ কৰি দেখা গৈছে, ইউক্রেইনৰ সেনাই ৰাছিয়াৰ প্ৰা‌য় তিনিখন সামৰিক হেলিকপ্টাৰত আঘাত কৰিছে । ক’লা ধোঁৱাৰ কুণ্ডলি আকাশত বিয়পি পৰাৰ ছবিও ধৰা পৰিছে উপগ্রহ চিত্রত । বিমানবন্দৰত থকা ৰুছ সামৰিক বাহিনীৰ গাড়ীও ধ্বংস কৰিছে ইউক্রেইনৰ সেনাই ।

ধ্বংসলীলাৰ ব্যাপ্তি ইমানেই ব্যাপক যে সেয়া নাছাৰ ‘ফায়াৰ ইনফৰমেছন ফৰ ৰিছ’ৰ্চ মেনেজমেন্ট ছিষ্টেম (ফার্মছ)’-ৰ কেমেৰাতো ধৰি পৰিছে । সাধাৰণতে বিশ্বৰ কোনো বৃহৎ অগ্নিকাণ্ডৰ ছবি ইয়াত ধৰা পৰে । স্থানীয় সময় দুপুৰীয়া এক বাজি ৩০ মিনিটৰ কিছু সময় পাছত ইউক্রেইনৰ সেনাই বিমানবন্দৰত আক্ৰমণ চলায় । তাৰ কিছু সময় আগতে তোলা মেক্সাৰৰ উপগ্রহ চিত্রত দেখা গৈছে, বিমানবন্দৰৰ টাৰমেকত শাৰী শাৰী সামৰিক হেলিকপ্টাৰ ৰখাই থোৱা আছে । বহু সামৰিক সজুঁলি কঢ়িওৱা গাড়ীও আছে ।

ইউক্রেইনৰ সেনাৰ আক্ৰমণৰ পাছত এই সমগ্ৰ অঞ্চলটোৰ পৰাই ক’লা ধোঁৱাৰ কুণ্ডলি দেখা গৈছে । বিশেষজ্ঞসকলৰ অনুমান, প্ৰায় তিনিখন সামৰিক হেলিকপ্টাৰ আৰু একাধিক সজুঁলি কঢ়িওৱা গাড়ী ধ্বংস হৈছে ইউক্রেইনৰ বাহিনীৰ আক্ৰমণত ।

ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইউক্রেইনৰ বাবে আৰু ৮০ কোটি ডলাৰৰ সামৰিক সাহায্য অনুমোদনৰ কথা ঘোষণা কৰিব হোৱাইট হাউচ সূত্রে খবৰ । ইয়াৰ ফলত বিগত এসপ্তাহত ইউক্রেইনক এশ কোটি ডলাৰৰ সামৰিক অনুদান দিব আমেৰিকাই ।

ৰাছিয়াৰ স’তে ইউক্রেইনৰ আলোচনা অব্যাহত আছে । বুধবাৰেও দুই পক্ষ‌ই আলোচনাত মিলিত হ’ব ।

Exit mobile version