কোচৰাজবংশী ভাষাক চলিত বিধানসভা অধিবেশনতেই শিক্ষাৰ মাধ্যম, ঘোষণা কৰাৰ দাবী কোচৰাজবংশী সাহিত্যসভাৰ

অসমৰ ভূমিপুত্ৰ কোচৰাজবংশী সকলৰ মাতৃভাষা তথা গৃহভাষা ৰাজবংশী ভাষাক চলিত বিধানসভাৰ অধিবেশনতেই ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ জৰিয়তে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাইছে কোচৰাজবংশী সাহিত্যসভাই ।

আজি এক সংবাদমেল অনুষ্ঠিত কৰি কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে কয় যে যোৱা ১৯ আগষ্ট দিনা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, চাৰি অক্টোবৰ অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগু আৰু ২৮ ডিচেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কোচৰাজবংশী ভাষাক পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ বাবে আলোচনা কৰিছে যদিও আজি লৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ।

অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই যদিও সেই একে জনগোষ্ঠীৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ২০০০খন প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষাক পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰি অধিসূচনা জাৰি কৰিছে । ইয়াৰ পাছত ন মাৰ্চত ৩৯৬ গৰাকী শিক্ষক শিক্ষয়ত্ৰীক প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদ মঞ্জুৰী দিয়ে পশ্চিম বংগ চৰকাৰে ।

আনফালে, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে সাত ফেব্ৰুৱাৰীত অসমৰ খিলঞ্জীয়া জনজাতীয় কাৰ্বি, মিচিং, ৰাভা, তিৱা, দেওৰী, ভাষাক প্ৰাথমিক স্বীকৃতি দিয়াৰ সিদ্ধান্তক আদৰণি জনায় যদিও অসমৰ দ্বিতীয় সংখ্যাগৰিষ্ঠ খিলঞ্জীয়া ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি নিদিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

উক্ত সংবাদমেলতেই কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে চলিত বাজেট অধিবেশনতে কোচৰাজবংশী জনগোষ্ঠীৰ মাতৃভাষাক পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম ঘোষণা কৰাৰ দাবী জনায় । এই দাবীক যদি গুৰুত্ব প্ৰদান নকৰে তেনেহ’লে কোচৰাজবংশী সাহিত্যসভাই অনাগত দিনত তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে ।

আজিৰ সংবাদমেলত কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ লগতে পিনাকী ৰায় আদিৰ উপৰিও অইন অইন কৰ্মকৰ্তাসকলো উপস্থিত থাকে ।

Exit mobile version