জাপানত ৭.৩ প্রাবল্যৰ ভূমিকম্পৰ পাছতে চুনামিৰ আশংকাত সতৰ্কতা

japan earthquake

এটা দশক পূর্বে বিধ্বংসী ভূমিকম্পৰ ফলত সৃষ্টি হােৱা চুনামিৰ ভয়াৱহতাৰ স্মৃতিয়ে জোঁকাৰি থকাৰ মাজতে বুধবাৰে বিয়লি আন এক বৃহৎ কম্পনে জোকাৰি যায় জাপানক।

কালি এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৭.৩। দেশখনৰ উত্তৰ প্ৰান্তৰ ফুকুশ্বিমাৰ উপকূলৱর্তী অঞ্চলত আছিল ইয়াৰ অভিকেন্দ্র।

২০১১ৰ ১১ মার্চত অহা ভূমিকম্পটোৰ মাত্ৰা আছিল ন প্রাবল্যৰ। সেই কম্পনৰ ভয়াৱহতাই জোঁকাৰি থকাৰ মাজতে আজি অহা ভূমিকম্পৰ ফলত দেশখনৰ ৰাজধানী টকিঅ’কে ধৰি বৃহৎ অঞ্চলত ব্যাপক প্রভাৱ পৰে।

কমেও দুই নিযুত পৰিয়ালত বিদ্যুৎ সংযােগ ব্যাহত হয়। ইয়াৰে সাত লাখ পৰিয়াল টকিঅ’ৰ বাসিন্দা। আনহাতে, দেশখনৰ উত্তৰ অঞ্চলৰ ১.৫৬ লাখ পৰিয়ালৰাে বিদ্যুৎ সংযােগ ব্যাহত হয় বুলি বিদ্যুৎ যােগান প্রতিষ্ঠান টেপকো আৰু টোহােকু ইলেকট্রিক পাৱাৰে সদৰী কৰিছে।

কালি ভূমিকম্পটোৰ ফলত চুনামিৰাে আশংকা কৰা হৈছে। অৱশ্যে ভূমিকম্পৰ ফলত এই পর্যন্ত কোনাে লােক হতাহতৰ তথ্য তাৎক্ষণিকভাৱে পােহৰলৈ অহা নাই।

প্রধানমন্ত্রী ফুমিঅ’ কিশ্বিদাই জনােৱা মতে, ক্ষয়-ক্ষতিৰ তথ্য তৎপৰতাৰে সংগ্ৰহৰ ব্যৱস্থা চৰকাৰে কৰিছে। প্রধানমন্ত্রীজনে কয়, ‘ক্ষতিগ্রস্ত লােকসকলক উদ্ধাৰ আৰুসহায়ৰ বাবে আমি আমাৰ সর্বোচ্চ উজাৰি কাম কৰি আছাে।

বিশেষকৈ তথ্য সংগ্ৰহত আমি ক্ষিপ্রতাৰে আগবাঢ়িছাে। ‘টেপকোৱে সদৰী কৰে যে ফুকুশিমা নিউক্লিয়াৰ প্ৰকল্পটোৰ ক্ষতি সাধনৰ আশংকাত ক্ষিপ্র গতিত ইয়াৰ পর্যবেক্ষণ অব্যাহত ৰখা হৈছে।

২০১১ৰ ভূমিকম্পত এই প্রকল্পটোৰ যথেষ্ট ক্ষতি সাধন হৈছিল। অৱশ্যে আন এটা নিউক্লিয়াৰ প্রকল্প অনাগাৱাৰৰ কোনাে ক্ষতি হােৱা নাই বুলি দেশখনৰ নিউক্লিয়াৰ নিয়ামক প্ৰাধিকৰণে স্পষ্ট কৰিছে।

ইয়াৰ বিপৰীতে দেশখনৰ আঞ্চলিক ৰেল প্রতিষ্ঠান জে আৰ ইস্তে প্রকাশ কৰা অনুসৰ ভূমিকম্পৰ পাছত ৰেল চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

অত্যধিক ভূমিকম্প প্রৱণ অঞ্চলত অৱস্থিত জাপানক নিয়মীয়াকৈ ভূমিকম্পই জোঁকাৰি আহিছে। তাৰ মাজত অহা বৃহৎ ভূমিকম্পই দেশখনৰ ব্যাপক ক্ষতি সাধন কৰিছে।

এটা দশক পূর্বৰ বিধ্বংসী ভূমিকম্প আৰু চুনামিৰ ফলত কমেও ১৮,৫০০ জন লােকৰ মৃত্যু অথবা সন্ধানহীন হয়। সেই ভয়াৱহ স্মৃতিয়ে জোকাৰি থকাৰ মাজতে কালি বিয়লি অহা ভূমিকম্পটোৱে সমগ্র জাপানবাসীক আকৌ এবাৰ বুকু কঁপাই তােলে।

Exit mobile version