পি এইচ ডিত নামভৰ্তিৰ নিয়ম সলনি, ৬০ শতাংশ আসন হ’ব সংৰক্ষিত

maharashtra times

বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ পি এইচ ডি নীতি-নির্দেশনা ২০১৬ সংশােধনৰ এক প্ৰস্তাৱত অনুমােদন জনালে।

ADVERTISEMENT

নতুন নিয়ম অনুসৰি পি এইচ ডি পাঠ্যক্ৰমৰ ৬০ শতাংশ আসন এতিয়াৰে পৰা ৰাষ্ট্ৰীয় যােগ্যতামাপক পৰীক্ষা (নেট) আৰু জুনিয়ৰ ৰিছাৰ্চ ফেল’শ্বিপ (জে আৰ এফ) উত্তীর্ণ ছাত্র-ছাত্রীৰ বাবে সংৰক্ষণ কৰা হ’ব।

ইউ জি চি ৰেগুলেচনছ ২০২২ৰ প্ৰস্তাৱক আয়ােগে যােৱা ১০ মার্চত অনুষ্ঠিত হােৱা ৫৫৬ সংখ্যক বৈঠকত গৃহীত কৰে।

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম অধ্যয়ন কৰা ছাত্র-ছাত্রীয়ে পােনপটীয়াভাৱে পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব।

অৱশ্যে তিনি বছৰীয়া স্নাতক পাঠ্যক্রম অধ্যয়ন কৰা শিক্ষার্থীৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্রী গ্রহণৰ পাছতে এই সুবিধা প্রযােজ্য হ’ব।

Exit mobile version