অতি শিঘ্ৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ

akshay kumar on his box office success formula

অতি শিঘ্ৰেই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ’বহি বলিউদৰ তাৰকা শিল্পী অক্ষয় কুমাৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে তেওঁ ব্যক্তিগত ভাৱে প্ৰদান কৰা এক কোটি টকাৰে নিৰ্মিত বিভিন্ন উন্নয়নমূলক কাম স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হ’বহি অভিনেতাগৰাকী৷

২০১৯ৰ বানপানীৰ সময়ছোৱাতে ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মানৰ বাবে অক্ষয় কুমাৰে উদ্যানখনলৈ প্ৰদান কৰিছিল এক কোটি টকা। আৰু এই ধনেৰে ইতিমধ্যেই বহুকেইটা উন্নয়ন সম্পন হৈ উঠিছে উদ্যানৰ অন্তঃভাগত৷

এই নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমনৰ বাবে অভিনেতাগৰাকীক আমন্ত্ৰণ জনাইছে টুইটাৰত। উদ্যান কতৃপক্ষৰ এই টুইটৰ ৰিপ্লাই দি শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰিছে অভিনেতা অক্ষয় কুমাৰে। উল্লেখ্য যে, দোঙা বন সুৰক্ষা শিৱিৰ, কাৰাসিং বন সুৰক্ষা শিৱিৰ, পতাহি বিলৰ উন্নয়ন তথা সাঁকো নিৰ্মাণ, পানীৰ ওপৰত ওপঙি থকা বন সুৰক্ষা শিৱিৰ, বান্দৰডুবিত পথ আৰু ওখ স্থান নিৰ্মাণকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ কাম উদ্যান কৰ্তৃপক্ষই সম্পন্ন কৰে অক্ষ কুমাৰে প্ৰদান কৰা এক কোটি টকাৰ পুঁজিৰে৷

২০১৯ চনৰ বান বিভীষিকাৰ সময়ত অক্ষয় কুমাৰে আগবঢ়োৱা সাহায্যৰ ধনেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই আন্তঃগাঁথনি নিৰ্মাণ হৈছে। অক্ষয় ফাণ্ডৰ সকলো কাম সম্পন্ন হোৱাৰ পিচত অভিনেতাগৰাকীক কাজিৰঙালৈ আমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষই‌৷

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ এই বছৰতে অহাৰ সম্ভাৱনা আছে বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ। চলিত বৰ্ষতে অভিনেতাগৰাকীক কাজিৰঙালৈ আমন্ত্ৰণ জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

উল্লেখ্য যে ২০১৯ চনৰ বান বিভীষিকাৰ সময়ত বন্যপ্ৰাণীৰ দুৰ্দশা প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনলৈ আৰ্থিক সাহায্য আগবঢ়াইছিল অভিনেতাগৰাকীয়ে। বন্যপ্ৰাণীৰ দুৰ্দশাত ব্যৰ্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি তথা সুৰক্ষাৰ বাবে এক কোটি টকাৰ সাহায্য প্ৰদান কৰিছিল অক্ষয় কুমাৰে‌। অভিনেতাগৰাকীৰ সাহায্যৰ ধনেৰে শেহতীয়াকৈ উদ্যানখনত নিৰ্মাণ কৰা হৈছে এই হাইলেণ্ড, বন শিবিৰ, বাট-পথ আদি।

অক্ষয় কুমাৰৰ প্ৰতি সন্মান জনাই তেওঁ দিয়া অনুদানেৰে ইতিমধ্যে সদ্য উচ্ছেদিত কলিয়াবৰৰ অন্তৰ্গত বাগৰি বনাঞ্চলৰ বান্দৰডুবিত নিৰ্মাণ কৰা হৈছে এটা পথ তথা হাইলেণ্ড। যি পথেৰে ইতিমধ্যে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিছে পৰ্যটকে। আনহাতে বানপানীৰ সময়ত এই পথটো ব্যৱহাৰ হ’ব হাইলেণ্ড হিচাপে য’ত আশ্ৰয় ল’ব পাৰিব বন্যপ্ৰাণীয়ে।

সমান্তৰালকৈ বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰত ওপঙা শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছে যন্ত্ৰচালিত নাও। অক্ষয় কুমাৰ ফাণ্ডেৰে নিৰ্মাণ হোৱা নাও দুখনৰ নাম দিয়া হৈছে অক্ষয় ৰথ। ইপিনে বাগৰী বনাঞ্চলৰ ডোঙ্গা আৰু কঁহৰা বনাঞ্চলৰ কাৰ্চিং বন শিবিৰ নতুনকৈ সজাই পৰাই তোলাৰ কথাও জনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ইয়াৰ লগতে অক্ষয় ফাণ্ডৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ কুকুৰাকটা পাহাৰৰ নামনিৰ পতাহি বিলত জল সংৰক্ষণৰ এক নতুন আৰ্হি।

ভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি এই বিল পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব বুলি আশা ব্যক্ত কৰা হৈছে। অক্ষয় ফাণ্ডৰ দ্বাৰা হ’বলগীয়া সকলো কাম সুচাৰুৰূপে সম্পন্ন হোৱাৰ পাছত অভিনেতাগৰাকীক কাজিৰঙালৈ আমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষ৷ অভিনেতাগৰাকী উদ্যানলৈ আহিলে এক নতুন ৰূপ পাব উদ্যানখনে৷

Exit mobile version