ক’ভিড-19 বিগত ২৪ ঘণ্টাত দেশত সংক্ৰমণৰ হাৰ কমিল ১৮%

horoscope horoscopes astrology forecast reading 1251767

এতিয়াও শেষ হোৱা নাই কৰ’নাৰ আতংক । দেশত বৰ্তমান সংক্ৰমণ নিয়ন্ত্ৰণত থাকিলেও বাৰে বাৰে এই কথা সোঁৱৰাই দিয়ে কেন্দ্ৰই ।

চীন, ইউৰোপীয় বিভিন্ন দেশসমূহৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি নতুনকৈ ৰাজ্যসমূহলৈ এখন নতুন পত্ৰ জাৰি কৰি সতৰ্ক কৰিছে মোদী চৰকাৰে ।

কিন্তু উদ্বেগৰ মাজতো সকাহ দিছে দেশৰ হ্ৰাস হোৱা কৰ’না গ্ৰাফে । যোৱা ২৪ ঘণ্টাও ইয়াৰ ব্যতিক্ৰম হোৱা নাই।

শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ২,০৭৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। যিটো কালিৰ তুলনাত ১৮ শতাংশ কম।

দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও লাহে লাহে হ্ৰাস পাইছে। বৰ্তমান, দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ২৭ হেজাৰ ৮০২। সক্ৰিয় ঘটনাৰ হাৰ ০.০৬ শতাংশলৈ হ্ৰাস পাইছে।

যদিও সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে, দেশখনৰ মৃত্যুৰ হাৰ অলপ চিন্তিত। প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰ’নাত ৭১ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে, দেশত ক’ভিডৰ ফলত পাঁচ লাখ ১৬ হেজাৰ ৩৫২ জন লোকৰ মৃত্যু হৈছে।

দেশত সুস্থতাৰ হাৰ স্বস্তিজনক।পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত চাৰি কোটি ২৪ লাখ ৬১ জাৰ ৯২৬ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে।

ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত তিনি হেজাৰ ৩৮৩ জন লোক কৰ’নাৰ পৰা আৰোগ্য হৈছে। সুস্থতাৰ হাৰ ৯৮.৭৩ শতাংশ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৮১ কোটিৰো অধিক কৰ’না ভেকছিন প্ৰদান কৰা হৈছে।

ইয়াৰ ভিতৰত, কালি ভেকচিন লাভ কৰিছে পাঁচ লাখ ৮৪ হেজাৰৰো অধিক লোকে । টিকাকৰণৰ লগতে, অব্যাহত আছে ক’ভিড পৰীক্ষা ।

Exit mobile version