পথৰ গৰাকীহীন অসুস্থ কুকুৰৰ প্ৰতিপালনৰ বাবে চাকৰি এৰি হেজাৰ হেজাৰ টকা ব্যয় মহিলাৰ

dogs main

মানুহে বিভিন্ন জীৱ-জন্তু প্রতিপালন কৰি ভাল পায়। পােহনীয়া জন্তুৰ বাবদ মানুহে যথেষ্ট ধনাে ব্যয় কৰে। কিন্তু পথৰ কাষৰ গৰাকীহীন জন্তুৰ বাবে নিজৰ চাকৰি ত্যাগ কৰি সেই জন্তুৰ প্ৰতিপালনত নিজক নিয়ােগ কৰাৰ কথা আপুনি কল্পনা কৰিব পাৰিবনে ?

হয়, আহমেদাবাদত আছে এনে এগৰাকী মহিলা। জংমনা শ্বাহ নামৰ এইগৰাকী মহিলাই গৰাকীহীন কুকুৰৰ সেৱা আৰু প্ৰতিপালনতে নিজক নিয়ােগ কৰিছে।

জংমনাই প্রকাশ কৰা মতে, এবাৰ তেওঁ পথৰ কাষত এটা আহত-অসহায় কুকুৰক প্রত্যক্ষ কৰি সেই কুকুৰটোৰ চিকিৎসা কৰাই সুস্থ কৰি তুলিছিল।

এই ঘটনাৰ পাছৰে পৰা জংমনাই গৰাকীহীন অসুস্থ, আহত কুকুৰক সহায় কৰাৰ সংকল্প লৈছিল আৰু এনে কুকুৰৰ সন্ধান পালেই ঘৰলৈ আনি পৰিচৰ্যা কৰিছিল।

৪৫ বছৰীয়া জংমনাই কুকুৰ প্ৰতিপালনৰ প্ৰতি ইমান আকর্ষিত হ’ল যে তেওঁ চাকৰি বাদ দি কেৱল কুকুৰৰ চোৱা-চিতাতে নিজক নিয়ােগ কৰাৰ সিদ্ধান্ত লৈছিল।

জংমনাৰ এই কামত তেওঁৰ পৰিয়ালৰ লােকেও সহযােগিতা আগবঢ়াই আহিছে। বর্তমানে এটা নিজা এনজিঅ’ গঠন কৰি জংমনাই কুকুৰৰ প্ৰতিপালনৰ ব্যৱস্থা কৰিছে।

দৈনিক তেওঁ কমেও ১৩০টা গৰাকীবিহীন কুকুৰক খাদ্যৰ যােগান ধৰে আৰু অসুস্থ, আহত কুকুৰৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। কেৱল এয়াই নহয়, কুকুৰৰ প্ৰতিপালনৰ বাবে তেওঁ মাহে নিজৰ পৰা কমেও ২০ হেজাৰ টকা ব্যয় কৰি আহিছে।

Exit mobile version