অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱনৰ আৰ্হিত ড° নিৰুপমা মহন্তৰ উপন্যাস “পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা” উন্মোচন

0122ba9b e059 49fd a54a fa9cec2acdaf

আজি ৰবীন্দ্ৰ ভৱনত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক সাহিত্যিক ড° নিৰুপমা মহন্তৰ দ্বাৰা ৰচিত “পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা” নামৰ গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে লেখিকাৰ জীৱন সম্বন্ধত আলোকপাত কৰে। পাঁচোটা সুযোগ্য সন্তানৰ মাতৃৰূপে তেখেতৰ সফলতা তথা তেখেতৰ সাহিত্য, আই পদ্মপ্ৰিয়াক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

বিশিষ্ট উপন্যাসিক ড° ৰীতা চৌধুৰীয়ে ড° নিৰুপমা মহন্তৰ অসমৰ প্ৰথমগৰাকী মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱন সম্বলিত এই উপন্যাসখনিৰ জৰিয়তে আই পদ্মপ্ৰিয়াৰ জীৱনৰ অনুকৰণীয় দিশসমূহৰ কথা ৰাইজে গম পাব বুলি মন্তব্য কৰে।

তেখেতে উপন্যাসিকাক এই সুন্দৰ তথ্যভিত্তিক উপন্যাসখন উপহাৰ দিয়াৰ বাবে প্ৰশংসা কৰে। বিশিষ্ট কবি-সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই অনুষ্ঠানটোত উপস্থিত থাকি লেখিকাৰ জীৱন সন্দৰ্ভত গভীৰ আলোকপাত কৰে। ইতিমধ্যে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱনভিত্তিক উপন্যাস “ৰসিক সুজান”ৰ বাবে ড° মহন্ত অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত হৈছে।

তাৰ উপৰিও আই কনকলতা, অপৰাজিতা, গগণে গৰজে ঘণ, কুণ্ডিল নন্দিনী ইত্যাদি বহুকেইখন উপন্যাস তেখেতে সৃষ্টি কৰিছে। অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা পাঁচোটাকৈ পুত্ৰ সন্তান জন্ম দি অসমৰ সমাজ জীৱনলৈ বৃহৎ অৱদীন, তেখেতে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি যি নিৰন্তৰ অৱদান আগবঢ়াইছে সেয়া প্ৰশংসাৰ যোগ্য বুলি মত আগবঢ়ায়।

অসম লেখিকা সন্থাৰ সভাপতি শ্ৰীমতী মৃদুলা শৰ্মাই ড° নিৰুপমা মহন্তৰ সাহিত্য কীৰ্তি সন্দৰ্ভত আলোকপাত কৰে।

লেখিকা ড° মহন্তই তেখেতৰ ভাষণ প্ৰসংগত সত্ৰীয়া পৰিৱেশে কি দৰে সৃষ্টি কৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছে সেই সম্পৰ্কে বাখ্যা কৰে। আই পদ্মপ্ৰিয়াই ১৬শ শতিকাতে কেনেকৈ উদাৰ মনেৰে মহিলা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আধ্যাত্মিক শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত ইতিহাস ৰচিছিল সেই প্ৰেৰণাৰে উদ্বুদ্ধ হৈ এই উপন্যাস খন সৃষ্টি কৰা বুলি ড° মহন্তই নিজা বক্তব্যত উল্লেখ কৰে।

ড° মহন্তই আৰু কয় যে তেখেতৰ জীৱনজুৰি সত্ৰীয়া সংস্কৃতিৰ সাধনা অব্যাহত ৰাখিব বিচাৰিছে। ইতিমধ্যে “শংকৰদেৱ মুভমেণ্ট” অনুষ্ঠানত ‘চোৰধৰা’ ঝুমুৰাখন দিল্লী, বাংগালোৰ, মুম্বাই ইত্যাদিত প্ৰদৰ্শন কৰাৰ উপৰিও সত্ৰীয়া নৃত্যৰ আহাৰ্য নিৰ্ধাৰণত তেখেতৰ এক বৃহৎ অৱদান। তাৰ লগতে তেখেতে সত্ৰীয়া নৃত্যৰ গৱেষণা তথা প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই ড° নিৰুপমা মহন্তৰ সৰু পুত্ৰ বিশিষ্ট নিবন্ধকাৰ-চিন্তাবিদ শ্যামকানু মহন্তই। তেখেতে উক্ত অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক ধন্যবাদ জ্বাপন কৰে। আই পদ্মপ্ৰিয়াৰ জীৱন সন্দৰ্ভত আজিও উপযুক্ত প্ৰসাৰ হোৱা নাই। এইগৰাকী বিদূষী মহিলাই ১৬শ শতিকাতে পিতৃৰ মৃত্যুৰ পিছত মহিলা থানসত্ৰ প্ৰতিষ্ঠা কৰি অনন্য সাহস তথা দৃঢ়তাৰ পৰিচয় দিছিল। এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ প্ৰথমগৰাকী মহিলা কবি আই পদ্মপ্ৰিয়াৰ এই অনুপ্ৰেৰণামূলক কাহিনী সমগ্ৰ ৰাজ্যখনতে জনপ্ৰিয় হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে।

অনুষ্ঠানৰ শেষত লেখিকাৰ জ্যেষ্ঠ পুত্ৰ ভাস্কৰজ্যোতি মহন্তই আই পদ্মপ্ৰিয়া কি দৰে অসমৰ বাবে বৰেণ্য আৰু তেখেতৰ কাম-কাজ বিষয়ত আলোকপাত কৰে। লগতে আশা প্ৰকাশ কৰে যে অনাগত দিনত আই পদ্মপ্ৰিয়াৰ কামকাজৰ কথা এই উপন্যাসখনৰ জৰিয়তে বিশেষভাৱে চৰ্চালৈ আহিব আৰু মানুহে গম পাব বুলি আশা প্ৰকাশ কৰে।

কিতাপখন প্ৰকাশ কৰি উলিয়াইছে বাণী মন্দিৰে। অসমৰ বিভিন্ন কিতাপৰ দোকানত আই পদ্মপ্ৰিয়াৰ এই গ্ৰন্থখন উপলদ্ধ হ’ব।

Exit mobile version