জনপ্ৰিয়তা তালিকাত ৰাষ্ট্ৰনেতাসকলৰ ভিতৰত পুনৰ শীৰ্ষত মোদী

1480678038 modi happy over public support for demonetisation 359534

পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পাছতো অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা । আকৌ এবাৰ,এই তথ্য আহিল আমেৰিকা এটা সংস্থাৰ সমীক্ষাত ।

তেওঁলোকৰ সমীক্ষা অনুসৰি, জনপ্ৰিয়তাৰ তালিকাত নৰেন্দ্ৰ মোদী ১২ জন ৰাষ্ট্ৰপ্ৰধানক পাছত এৰি জনপ্ৰিয়তাৰ তালিকাত এইবাৰো প্ৰথম নম্বৰত নৰেন্দ্ৰ মোদী । ৭৭ শতাংশ জনপ্ৰিয়তা আছে মোদীৰ।

আমেৰিকান সংস্থা মৰ্ণিং কনচাল্টে বিভিন্ন দেশৰ প্ৰধানসকলৰ গ্ৰহণযোগ্যতাক লৈ সমীক্ষা কৰে । তেওঁলোকে প্ৰতি সাত দিনৰ অন্তত এই সমীক্ষা কৰে ।

এইবাৰ তালিকাত প্ৰথম স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (৭৭ শতাংশ) তালিকাৰ দ্বিতীয় স্থানত আছে মেক্সিকান ৰাষ্ট্ৰপতি লোপেজ অবেৰদাৰ (৬৩ শতাংশ), তৃতীয় স্থানত আছে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ দ্ৰাঘি। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আছে সাত নম্বৰত ।

এই সমীক্ষা যিকোনো দেশৰ প্ৰাপ্তবয়স্কৰ পৰা উপলব্ধ তথ্যৰ ওপৰত আধাৰিত। আমেৰিকাৰ ক্ষেত্ৰত, অধ্যয়নটোৰ নমুনাৰ আকাৰ হৈছে ৪৫ হেজাৰ । আন দেশৰ বাবে, এই নমুনাৰ আকাৰ তিনি-পাঁচ হেজাৰ।

ভাৰতৰ ক্ষেত্ৰত, লোকসকলৰ ‘শিক্ষিত’ শাখাৰ সংখ্যাৰ ওপৰত আধাৰিত কৰি নমুনাটো নিৰ্ণয় কৰা হয়। সমীক্ষাৰ তথ্য সংগ্ৰহৰ সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইনত কৰা হৈছে।

২০২০ চনত, মোদীৰ কামৰ বাবে মানুহৰ এপ্ৰুভাল ৰেটিং আছিল ৮৪ শতাংশ। দেশত কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত, ই ৬৩ শতাংশলৈ হ্ৰাস পাইছিল। কিন্তু পাছত তেওঁ প্ৰায় ৭১ শতাংশ সমৰ্থন পাই পুনৰ শীৰ্ষস্থানলৈ ঘূৰি আহে।

Exit mobile version