পহিলা এপ্ৰিলৰ পৰা অতিৰিক্ত ব্যয় বহন কৰিবলৈ সাজু হওক

istockphoto 155287967 612x612 1

কেন্দ্রীয় পথ পব্বিহণ আৰু ঘাইপথ মন্ত্রণালয়ে অহা পহিলা এপ্রিলৰ পৰা গাড়ীৰ গৰাকীৰ বাবে কেতবােৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। এই নিয়মৰ আওতাত, যদি আপােনাৰ গাড়ীখন ১৫ বছৰ বা তাতােকৈ বেছি পুৰণি, তেন্তে আপােনাৰ পকেটত পূর্বতকৈ বহুগুণ বেছি চাপ পৰিব বুলি ধৰি থওক আৰু বৃহৎ পৰিমাণৰ ব্যয় বহনৰ বাবে সাজু হওক।

১৫ বছৰতকৈ পুৰণি বাহনৰ পঞ্জীয়নৰ বাবে অধিক ধন ব্যয় কৰিব লাগিব বুলি ইতিমধ্যে ঘােষণা কৰিছে মন্ত্রণালয়ে । অৱশ্যে ভাৰতত পহিলা এপ্রিলৰ পৰা এই নতুন নিয়ম প্রযােজ্য হলেও, ৰাজধানী চহৰ দিল্লীক এই নিয়মৰ অধীনত সামৰি লােৱা নহ’ব।

আনবােৰ চহৰত ১৫ বছৰতকৈ পুৰণি গাড়ী ব্যৱহাৰ কৰিবলৈ হ’লে গৰাকীসকলে পঞ্জীয়ন নৱীকৰণৰ সময়ত বর্তমানে কৰাতকৈ আঠগুণ অধিক ধন ব্যয় কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে মন্ত্রণালয়ে। ভাৰত চৰকাৰে প্ৰদূষণ প্ৰতিৰােধৰ উদ্দেশ্যে এই নতুন নিয়ম প্ৰৱৰ্তন কৰিছে।

চৰকাৰী বিবৃতিত প্রকাশিত নতুন নিয়ম অনুসৰি, দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন উভয় ক্ষেত্রতে পঞ্জীয়ন নৱীকৰণৰ ব্যয় বৃদ্ধি কৰা হ’ব।

১৫ বছৰ পুৰণি চাচিকীয়া গাড়ী এখনৰ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ বৰ্তমানৰ ৬০০ টকাৰ বিপৰীতে গৰাকীয়ে পাঁচ হেজাৰ টকা ব্যয় কৰিব লাগিব।

একেদৰে, ১৫ বছৰ পুৰণি বাইক এখনৰ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ ভৰিব লাগিব এহেজাৰ টকা। য’ত নেকি পূর্বতে ইয়াৰ বাবে মাত্র ৩০০ টকা পৰিশােধ কৰিব লগা হৈছিল। আনহাতে, আমদানিকৃত গাড়ীৰ ক্ষেত্ৰত ব্যয় সর্বাধিক বৃদ্ধি পাব।

এই ক্ষেত্ৰত, ১৫বছৰ পুৰণি গাড়ী এখনৰ পঞ্জীয়ন নৱীকৰণৰ বাবে গৰাকীয়ে মুঠ ৪০ হেজাৰ টকা পৰিশােধ কৰিব লাগিব। ইয়াৰ আগতে,আমদানিকৃত বাহনৰ পঞ্জীয়ন নৱীকৰণৰ ব্যয় আছিল মাত্র ১৫হেজাৰ টকা।

আনহাতে, ১৫ বছৰৰ পুৰণি ট্রাক, বাছৰ ক্ষেত্ৰত পূর্বতে ব্যয়ৰ পৰিমাণ ১৫০০ টকা আছিল যদিও পহিলা এপ্রিলৰ পৰা , এই ব্যয় ১২,৫০০ টকালৈ বৃদ্ধি হ’ব।

সৰু যাত্রীবাহী গাড়ীৰ ক্ষেত্ৰত ব্যয় ১৩০০ টকাৰ পৰা ১০হেজাৰ টকালৈ বৃদ্ধি হ’ব। নতুন নিয়ম অনুসৰি, যদি ব্যক্তিগত বাহন এখনৰ পঞ্জীয়ন নৱীকৰণত পলম হয় তেন্তে মালিকে প্রতি মাহে অতিৰিক্ত তিনি হেজাৰ টকাকৈ পৰিশােধ কৰিব লাগিব।

বাণিজ্যিক বাহনৰ ক্ষেত্ৰত, জৰিমনাৰ পৰিমাণ হ’ব প্রতি মাহে ৫০০ টকা। প্রতিজন ১৫ বছৰৰ পুৰণি ব্যক্তিগত বাহনৰ গৰাকীৰ বাবে প্রতি পাঁচ বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰাটো বাধ্যতামূলক হ’ব।

স্মর্তব্য, দিল্লীত ইতিমধ্যে ১০ বছৰ পুৰণি ডিজেল আৰু ১৫ বছৰ পুৰণি পেট্রল বাহনৰ পঞ্জীয়ন বন্ধ কৰা হৈছে। সেয়েহে, এই নতুন নিয়মৰ অধীনত দিল্লীক অন্তর্ভুক্ত কৰা হােৱা নাই।

Exit mobile version