সম্পত্তিৰ হিচাপ নিদিয়ে সাত শতাধিক বিষয়াই

চৰকাৰৰ পৃষ্ঠপোষকতাত নিশকতীয়া হৈছে প্ৰশাসনীয় ব্যৱস্থা

Janata Bhawan 570x320 2

ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰা সকলেই উলংঘা কৰিছে প্ৰশাসনীয় স্বচ্ছতা । একেদৰে চৰকাৰৰ স্বচ্ছ নিকা প্ৰশাসনৰ শ্ল’গান সেই শীৰ্ষ আমোলা-বিষয়াই চৰকাৰক তেওঁলোকৰ বছৰেকীয়া সম্পত্তিৰ তথ্য দাখিলৰ পৰা বিৰত আছে । এইসকলৰ ভিতৰত আছে ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ), ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ), অসম অসামৰিক সেৱা (এচিএছ) আৰু অসম অসামৰিক সেৱা (এপিএছ)ৰ বিষয়া ।

সেৱা বিধি অনুসৰি এইসকল বিষয়াই ৩১ জানুৱাৰী অথবা তাৰ পূৰ্বে আগৰ বছৰৰ সম্পত্তিৰ তথ্য দাখিল কৰিব লাগে । অৰ্থাৎ এটা বিত্তীয় বৰ্ষৰ অন্ত পৰিবলৈ দুমাহ থকালৈকে তেওঁলোকে সম্পত্তিৰ তথ্য দাখিল কৰিব পাৰে । অথচ যোৱা ৩১ জানুৱাৰী বাদেই মাৰ্চলৈও সকলো এনে বিষয়াই সেৱা বিধি মানি চৰকাৰক নিজ সম্পত্তিৰ তথ্য দাখিল কৰা নাই ।

দিছপুৰৰ সূত্ৰ‌ই সদৰী কৰা অনুসৰি কমেও সাত শতাধিক এনে আমোলা-বিষয়াই তেওঁলোকৰ সম্পত্তিৰ তথ্য চৰকাৰক জমা দিয়াৰ পৰা এই পৰ্যন্ত বিৰত আছে । সেইসকলৰ ভিতৰত এচিএছ আৰু এপিএছৰ সংখ্যাই অধিক । সূত্ৰত প্ৰকাশ যে ৩১ জানুৱাৰীৰ ভিতৰত তথ্য দাখিল নকৰাসকলৰ ভিতৰত কমেও ২৩ জন আইএএছ আৰু ২৬ জন হ’ল আইপিএছ বিষয়া । আনহাতে, এচিএছ বিষয়াৰ সংখ্যা হ’ল ৫৭৬ জন আৰু এপিএছৰ সংখ্যা হ’ল ২৬৭ জন ।

এইসকল বিষয়াই সম্পত্তিৰ তথ্য দাখিল কৰাটো বাধ্যতামূলক । প্ৰশাসনীয় ব্যৱস্থাটোত স্বচ্ছতা ৰক্ষা আৰু দুৰ্নীতি ৰোধৰ বাবেই এই নিয়ম বাধ্যতামূলক কৰা হৈছে । তথ্য দাখিল নকৰাসকলৰ বিৰুদ্ধে চৰকাৰে অনুশাসন ভংগকে ধৰি অন্য বিধিসন্মত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে; কিন্তু চৰকাৰৰ বাবেও এনে ব্যৱস্থা গালো বালো খোলাকটিৰ তাল হৈ আহিছে ।

চৰকাৰৰ সকীয়নিবোৰ কাৰ্যতঃ নাটকহে হৈ পৰাটো এনে কাৰ্যবোৰৰ দ্বাৰাই স্পষ্ট হৈছে । চৰকাৰেও এনে নিয়ম নমনা আমোলা-বিষয়াৰ বিৰুদ্ধে কাৰ্যতঃ কোনো ব্যৱস্থা নলয় । ফলত ইয়াৰ সুযোগ লৈ সংশ্লিষ্টসকলেও বাধ্যতামূলক নীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । প্ৰশাসন ব্যৱস্থাটোক চৰকাৰৰ পৃষ্ঠপোষকতাত এনেদৰে নিশকতীয়া কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি দিছপুৰত চৰ্চা চলিছে ।

Exit mobile version