Delhi-Doha Flight : দিল্লীৰ পৰা দোহাগামী বিমানত যান্ত্রিক ত্রুটি, এশ যাত্রীক লৈ জৰুৰী অৱতৰণ কৰাচিত

navbharat times

প্রায় এশগৰাকী যাত্রীক লৈ দিল্লীৰ পৰা দোহালৈ যাত্ৰা কৰাৰ পথত বিমান গ’ল পাকিস্তানৰ কৰাচিত ! কাতাৰ এয়াৰৱেজৰ এখন বিমানৰ এনে কাণ্ডত হুলস্থূল ।

যদিও বিমান সংস্থাৰ সূত্র‌ই উদ্ধৃত কৰি সংবাদ সংস্থাই জনাইছে, প্রযুক্তিগত সমস্যাৰ বাবে এই পথ পৰিৱৰ্তন ।

তথ্য অনুসৰি, কিউআৰ ফাইভ ছেভেন নাইন বিমানখন দিল্লীৰ পৰা যাত্রা আৰম্ভ কৰে । বিমানত আছিল এশজনৰো অধিক যাত্রী । হঠাৎ পথ পৰিৱৰ্তন কৰি বিমানখনক কৰাচিৰ দিশে লৈ যোৱা হয় ।

ঠিক কি কাৰণত এই সিদ্ধান্ত, তাৰ বিস্তাৰিত তথ্য এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে সংস্থাটোৱে জনাইছে, যাত্রীসকল নিৰাপদেই আছে ।

Exit mobile version