এবছৰলৈকে শৰীৰত থাকিব পাৰে কৰ’নাৰ প্ৰভাৱ : গৱেষণাৰ তথ্য

what hospitals learned covid19 hero

চীন, দক্ষিণ কোৰিয়া, হংকংসহ বিভিন্ন দেশত নতুনকৈ বিয়পিছে কৰ’নাৰ আতংক। বিশেষজ্ঞসকলৰ একাংশৰ মতে, ভাৰততাে ক’ভিডৰ চতুর্থ ঢৌৰ আগমন ঘটিব পাৰে ।

ক’ভিড পৰৱর্তী ৰােগ সন্দৰ্ভত শেহতীয়াভাৱে এক চাঞ্চল্যকৰ তথ্য পােহৰলৈ আনিলে চিকিৎসক গৱেষকে। এই প্রতিবেদনৰ তথ্য অনুসৰি ক’ভিডত আক্রান্ত হােৱাৰ পাছত সুস্থ হােৱা ৰােগীসকলৰ বহুতে পৰৱৰ্তী সময়ত নানা স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হৈছে ।

ক’ভিড পৰৱর্তী ৰােগত অধিক আক্রান্ত হৈছে মহিলাসকল। উচ্চ ৰক্তচাপ,মধুমেহত ভােগা লােকসকলৰ ক্ষেত্ৰত ক’ভিড পৰৱর্তী সমস্যা অধিক জটিল হৈছে। বিজ্ঞান পত্রিকা ‘লেনচেট’ত প্রকাশিত প্রতিবেদনৰ মতে,ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হােৱা ৰােগীসকল সুস্থ হােৱাৰ পাছত ১৬ মাহ পর্যন্ত নানা অন্যান্য শাৰীৰিক সমস্যাত আক্রান্ত হৈছিল ।

ক’ভিড পৰৱর্তী সমস্যা হিচাপে এনে ব্যক্তিৰ শৰীৰত অৱসাদ, হতাশা, নিদ্রা ব্যাঘাত, ক্লান্তিবােধ আদিয়ে দেখা দিব পাৰে । অনেক সময়ত এনেবােৰ সমস্যা প্রাণঘাতকো হােৱাৰ শংকা আছে ।

গৱেষকসকলে এই বিষয়ত অধ্যয়ন চলাই প্রকাশ কৰা অনুসৰি কৰনাৰ প্ৰভাৱ এজন ব্যক্তিৰ শৰীৰত এবছৰৰাে অধিক দিন থাকিব পাৰে।চিকিৎসকৰ মতে, ক’ভিডত পূর্বে আক্রান্ত হােৱা লােকসকলে স্বাস্থ্যসম্মত খাদ্যগ্রহণ, ব্যায়াম কৰা আৰু অন্যান্য ৰােগ থাকিলে তাৰ চিকিৎসা কৰা অতি জৰুৰী ।

Exit mobile version