হিজাবৰ পাছত কৰ্ণাটকত গীতাক লৈ বিতৰ্ক : মন্ত্ৰীয়ে ক’লে “গীতা সাম্প্ৰদায়িক নহয়”

Karnataka Hijab B C Nagesh

কৰ্ণাটকত হিজাব বিতর্কৰ পাছত এইবাৰ ভাগৱত গীতাক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে । উল্লেখ্য যে কিছুদিন পূৰ্বে গুজৰাট চৰকাৰে বিদ্যালয়ৰ পাঠ্যক্ৰমত ভাগৱত গীতাক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ ব’ম্মাইয়ে পাঠ্যক্ৰমত গীতাক অন্তৰ্ভুক্ত কৰাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰাৰ লগতে অচিৰে কৰ্ণাটকৰ বিদ্যালয়তো ভাগৱত গীতাৰ পাঠদান কৰা হ’ব বুলি ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে কৰ্ণাটকত গীতাক লৈ বিতৰ্কৰ সৃষ্টি হয় ।

এই বিতৰ্কৰ প্ৰসংগত কৰ্ণাটকৰ শিক্ষামন্ত্ৰীয়ে কয়, ‘যদি ভাগৱত গীতা নৈতিক শিক্ষাৰ অংশ হয়, তেন্তে আপোনাৰ আপত্তি ক’ত ? গীতা সাম্প্ৰদায়িক নহয়, এই গ্ৰন্থত জীৱন-যাপনৰ কলাৰ কথা আলোচনা কৰা হৈছে । আজিৰ দিনত ছাত্ৰ-ছাত্ৰীসকলে নানা ধৰণৰ হেঁচাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লাগে আৰু এইসকল ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে গীতাৰ পাঠদান জৰুৰী । ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বাস্তৱ জীৱনত সমস্যাৰ পৰা সকাহ লাভ কৰিব ।

কংগ্ৰেছ নেতাই বন্দেমাতৰমকো সাম্প্ৰদায়িক বিবেচনা কৰে, কিন্তু মন্দিৰ ধ্বংস কৰা আকবৰ সাম্প্ৰদায়িক নহয় ।’

Exit mobile version