Bihar Temple : বিশ্বৰ ‘বৃহত্তম মন্দিৰ’ প্ৰতিষ্ঠা কৰিবলৈ আঢ়ৈ কোটি টকাৰ ভূমি দান বিহাৰৰ মুছলিম পৰিয়ালৰ

Muslim family donated land worth Rs 25 crore for the 715x375 1

সাম্প্রদায়িক সম্প্রীতিৰ দৃষ্টান্ত তৈয়াৰ কৰিলে বিহাৰৰ এটা মুছলিম পৰিয়ালে । বিশ্বৰ ‘বৃহত্তম মন্দিৰ’ নির্মাণৰ বাবে নিজৰ আঢ়ৈ কোটি মূল্যৰ ভূমি দান কৰিলে তেওঁলোকে । গুৱাহাটিৰ বাসিন্দা এই পৰিয়াল বিহাৰৰ পূৱ চম্পাৰণত থাকে । এই জিলাৰেই কাইথৱালিয়াত ‘বিৰাট ৰামায়ণ মন্দিৰ’ তৈয়াৰ কৰা হ’ব ।

মন্দিৰ নির্মাণ প্রকল্পৰ স’তে জড়িত মহাবীৰ মন্দিৰ ট্রাষ্টৰ প্রধান আচার্য কিশোৰ কুণালে জনাইছে, ইশতিয়াক খান নামে এজন ব্যৱসায়ীয়ে মন্দিৰ নির্মাণত সহায় কৰিবলৈ আগবাঢ়ি আহিছে । তেওঁৰ পৰিয়ালৰ আঢ়ৈ কোটি টকা মূল্যৰ ভূমি দান কৰিছে মন্দিৰ নির্মাণৰ বাবে । এই ঘটনা সাম্প্রদায়িক সম্প্রীতিৰ অন্যতম উদাহৰণ বুলি জনাইছে কুণালে ।

তেওঁ আৰু জনাইছে যে, ভূমি দান কৰিবৰ বাবে যি যি প্রক্রিয়াৰ প্ৰয়োজন, আনুষ্ঠানিকভাৱে গোটেইখিনিয়ে হৈছে । মন্দিৰ নির্মাণৰ বাবে মুছলিমসকলে আগবাঢ়ি নাহিলে স্বপ্নৰ এই প্রকল্প আগুৱাই লৈ যোৱা সম্ভৱ নহ’ল হয় বুলিও জনাইছে কুণালে ।

কুণালে কয়, “মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ বাবে মহাবীৰ মন্দিৰ ট্রাষ্টৰ হাতত ১২৫ একৰ ভূমি আছে । আৰু ২৫ একৰ ভূমি পোৱাৰ কথা আছে তেওঁলোকৰ ।” কম্বোডিয়াৰ আংকুৰ ভাট মন্দিৰতকৈও উখ হ’ব এই মন্দিৰ । বিৰাট ৰামায়ণ মন্দিৰ তৈয়াৰ কৰিবলৈ পাঁচশ কোটি টকা ব্যয় হ’ব বুলি জনাইছে মহাবীৰ মন্দিৰ ট্রাষ্টৰ প্রধানে ।

Exit mobile version