দ্বিতীয়বাৰৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীৰ আসন গ্ৰহণ কৰিলে পুষ্কৰ সিং ধামিয়ে । বুধবাৰে দেহৰাদুনৰ পেৰেড গ্রাউণ্ডত এটা অনুষ্ঠানত শপত ল’লে পুষ্কৰ সিং ধামিয়ে । আজি মন্ত্রীসভাৰ অন্যান্য সদস্যসকলেও এই শপতগ্রহণ অনুষ্ঠানত অংশ লয় । সোমবাৰে গেৰুৱা শিবিৰে সিদ্ধান্ত লৈছিল পুষ্কৰ সিং ধামিকেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত কৰোৱা হ’ব ।
সেই মতে প্রস্তুতি কৰা হয় । আজি শপতগ্রহণ অনুষ্ঠানত গোৱাৰ ভাবী মুখ্যমন্ত্রী প্রমোদ সাৱন্ত, উত্তৰপ্রদেশৰ ভাবী মুখ্যমন্ত্রী যোগী আদিত্যনাথ, ৰাজস্থানৰ বিজেপি নেত্রী বসুন্ধৰা ৰাজে, কেন্দ্রীয় মন্ত্রী নীতীন গড়কৰি প্রমুখ উপস্থিত থাকে ।
অতি চমকপ্রদ ৰাজনৈতিক জীৱন পুষ্কৰ সিং ধামিৰ । ১৯৭৫ সালে পিথোড়াগড় জেলায় জন্মেছিলেন তিনি। আইনৰ ডিগ্রী আছে তেওঁৰ । আৰএছএছৰ কর্মী হিচাপে কাম কৰিছিল বহুদিন । এবিভিপিৰো সদস্য আছিল তেওঁ ।
২০০২ আৰু ২০০৮ত তেওঁ উত্তৰাখণ্ডত বিজেপিৰ যুৱ মর্চাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল । তেওঁৰ পিতৃ সেনাবাহিনীত কর্মৰত আছিল । সেই পুষ্কৰ সিং ধামিৰ হাততেই এইবাৰ উত্তৰাখণ্ড ৰাজ্যৰ দায়িত্ব ।